VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

১৮জানুৱাৰীত বাৰপূজীয়াত ম’হ যুঁজ প্ৰতিযোগিতাৰ আয়োজন

voicedesk by voicedesk
January 13, 2024
in মুখ্য সংবাদ
১৮জানুৱাৰীত বাৰপূজীয়াত ম’হ যুঁজ প্ৰতিযোগিতাৰ আয়োজন
0
SHARES
201
VIEWS
Share on FacebookShare on Twitter

মধ্য অসমৰ আটাইতকৈ পুৰণি তথা আহোম স্বৰ্গদেউ চুহুংমুৰ দিনৰে পৰা অনুষ্ঠিত হোৱা ঐতিহাসিক বাৰপূজীয়া ম’হ যুঁজ প্ৰতিযোগিতা অহা ১৮ জানুৱাৰী (৩ মাঘ)ত অনুষ্ঠিত হ’ব। বিগত ২০১৬ চনৰ পৰা মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অসমীয়া বাপতিসাহোন ভোগালী বিহুৰ পৰম্পৰাগত ম’হ যুঁজ,বুলবুলি যুঁজ,কুকুৰা যুঁজ আদি খেলসমূহ অসমত বন্ধ আছিল যদিও শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ প্ৰচেষ্ঠাত পুনৰ এচ অ’ পি অনুসৰি এই খেলসমূহ অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰাত পুনৰ আয়োজন কৰিছে ম’হযুঁজ।বাৰপূজীয়া আঞ্চলিক ম’হ যুঁজ সমিতিয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বিবৃতিত উল্লেখ্য অনুসৰি,আহোম ৰাজত্বৰ কালত অঞ্চলৰ কৰতলীয়া ৰজাসকলৰ পৰা অসমীয়া বছৰৰ প্ৰতি মাঘ মাহত কৰ তুলিবলৈ আহিছিল। সেই সময়ত তেওঁলোকে হাতী ব্যৱহাৰ কৰিছিল। সেই হাতীবোৰ নি ৰহা-বাৰপূজীয়া সংযোগী হাতীবন্ধা ডুবিত গা ধুৱাই বান্ধি ৰাখিছিল আৰু তেতিয়াৰ পৰাই ঠাইখিনিৰ নাম “হাতীবান্ধা” বুলি জনাজাত হয়। পৰৱৰ্তী সময়ত সেই ঠাইতে ব্ৰিটিছসকলে এখন দলং নিৰ্মাণ কৰে আৰু সেই দলং খনৰ নামো “হাতীবান্ধা দলং” হিচাপে জনাজাত হয়। আনহাতে হাতী বান্ধি মাউতসকলে একগোট হৈ ওচৰৰে এখন পথাৰত জলপান খাইছিল।তেতিয়াৰ পৰা পথাৰখনে “কৰাইগুৰি পথাৰ” হিচাপে স্বীকৃতি লাভ কৰে। সেই স্থানতে কৰতলীয়া ৰজা আৰু পালি পহৰীয়াসকলে মনোৰঞ্জনৰ বাবে ম’হ যুঁজ পাতিছিল। সেই ম’হ যুঁজ খনেই পাছলৈ প্ৰতিযোগিতা হিচাবে প্ৰচলিত হ’ল। সেই ৰজাদিনীয়া পৰম্পৰাক আজিও বাৰপূজীয়া স্থানীয় ৰাইজে বাপতি সাহোন হিচাপে পালন কৰি বৰ্তমান পৰ্যন্ত ধাৰাবাহিকতা ৰক্ষা কৰি আহিছে।উল্লেখ্য যে,পূৰ্বতে প্ৰতিযোগিতা খনি ২৬ জানুৱাৰীত অনুষ্ঠিত কৰিছিল যদিও ভোগালী বিহুৰ পৰম্পৰা আৰু ঐতিহ্য ৰক্ষা কৰি প্ৰায় পঞ্চাশ বছৰ কাল প্ৰতি মাঘ মাহৰ ৩ তাৰিখে অনুষ্ঠিত কৰি আহিছে। কিন্তু বিগত ন বছৰে মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আনুষ্ঠানিকভাৱে ম’হযুঁজ বন্ধ হোৱাৰ পাছত অসম চৰকাৰৰ প্ৰচেষ্টাত পুনৰ অসমীয়া পৰম্পৰাগত ম’হ যুঁজ পুনৰ অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছে স্থানীয় ৰাইজে। তাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাই আয়োজক সমিতিয়ে ।

Previous Post

ডিমা হাচাওত ফুলিল পদুম, কংগ্ৰেছমুক্ত হ’ল উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ

Next Post

নতুন পৰিবহন নীতিৰ সন্মৰ্ভত মৰনৈত সভা

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
নতুন পৰিবহন নীতিৰ সন্মৰ্ভত মৰনৈত সভা

নতুন পৰিবহন নীতিৰ সন্মৰ্ভত মৰনৈত সভা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7