অভিলাষী বুলেট ট্ৰেইন প্ৰকল্পৰ দায়িত্বত থকা এন এইচ এছ আৰ চি এলৰ পৰিচালন সঞ্চালক সতীশ অগ্নিহোত্ৰীক চাকৰিৰ পৰা বর্খাস্ত কৰা হৈছে ৷ তেওঁৰ স্থানত নেশ্যনেল হাই স্পীড ৰে’ল কৰ্প’ৰেশ্যন লিমিটেডৰ প্ৰকল্প সঞ্চালক ৰাজেন্দ্ৰ প্ৰসাদক তিনিমাহৰ বাবে দায়িত্ব অৰ্পণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াসকলে জনোৱা মতে, চৰকাৰী পদবীৰ অপব্যৱহাৰ আৰু অকৰ্তৃত্বশীলভাৱে ব্যক্তিগত কোম্পানীলৈ ধন স্থানান্তৰ কৰাকে ধৰি অগ্নিহোত্ৰীৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ তেওঁলোকে কয় যে ২ জুনত লোকপাল আদালতে চিবিআইক নিৰ্দেশ দিয়াৰ পিছতে এনএইচএছআৰচিএলৰ প্ৰাক্তন পৰিচালন সঞ্চালকজনে তেওঁৰ ৯ বছৰীয়া কাৰ্যকালত এটা ব্যক্তিগত কোম্পানীৰ সৈতে কৰা “কুইড প্ৰ’ক’” চুক্তিৰ অভিযোগৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতে অগ্নিহোত্ৰীক বর্খাস্ত কৰে ৰেল বিকাশ সংস্থা লিমিটেড (আৰভিএনএল)ই ৷
লোকপাল আদালতে চিবিআইক নিৰ্দেশ দিছে যে অগ্নিহোত্ৰীৰ বিৰুদ্ধে “দুৰ্নীতি প্ৰতিৰোধ আইন ১৯৮৮ৰ অধীনত তদন্ত কৰি ছমাহৰ ভিতৰত লোকপাল কাৰ্যালয়ত তদন্ত প্ৰতিবেদন দাখিল কৰিব লাগে।অভিযোগ অনুসৰি অগ্নিহোত্ৰীয়ে অৱসৰৰ এবছৰৰ ভিতৰতে এটা ব্যক্তিগত প্ৰতিষ্ঠানত চাকৰি গ্ৰহণ কৰিছিল। কেন্দ্ৰৰ অনুমোদন অবিহনে অৱসৰৰ এবছৰৰ পূৰ্বে অৱসৰপ্ৰাপ্ত বিষয়াসকলে বাণিজ্যিক কৰ্মসংস্থাপন গ্ৰহণ কৰাত বাধা প্ৰদান কৰা চৰকাৰী নিয়ম উলংঘা কৰি তেওঁ দায়িত্ব লৈছিল৷
১৯৮২ বেটচৰ আই আৰ এছ ইৰ বিষয়া অগ্নিহোত্ৰীয়ে ২০২১ চনৰ জুলাই মাহত এন এইচ এছ আৰ চি এলত যোগদান কৰিছিল।ইয়াৰ পূৰ্বে তেওঁ ৰে’ল বিকাশ সংস্থা লিমিটেড (আৰ ভি এন এল)ৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক আছিল। মেগা ৰে’ল আন্তঃগাঁথনি প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত তেওঁৰ ২০ বছৰৰো অধিক অভিজ্ঞতা আছে। ২০১২ চনৰ জুলাই মাহত আৰম্ভ হোৱাৰ পৰা ২০১৮ চনৰ আগষ্টলৈকে আৰভিএনএলৰ সম্পূৰ্ণ মালিকানাধীন সহযোগী কোম্পানী হাই স্পীড ৰেল কৰ্প’ৰেশ্যন লিমিটেড (এইচএছআৰচি)ৰ অধ্যক্ষৰ পদতো তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।