তালিবানৰ প্ৰতিষ্ঠাপক মোল্লা ওমৰক ক’ত সমাধিস্থ কৰা হৈছিল সেই সন্দর্ভত বছৰ বছৰ ধৰি গোপনে ৰখা হৈছিল ৷প্ৰায় ৯ বছৰৰ অন্তত তালিবানে মোল্লা ওমৰৰ সমাধিস্থান ৰাজহুৱা কৰিছে তালিবানে ৷
২০০১ চনত আমেৰিকাৰ নেতৃত্বত আক্ৰমণৰ ফলত তালিবান ক্ষমতাচ্যুত হোৱাৰ পাছত ওমৰৰ স্বাস্থ্য আৰু অৱস্থানৰ বিষয়ে উৰাবাতৰিৰ প্ৰচাৰ হৈছিল ৷ তালিবানে ২০১৫ চনৰ এপ্ৰিল মাহতহে স্বীকাৰ কৰিছিল যে ওমৰৰ মৃত্যু দুবছৰ আগতে হৈছিল।
তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে দেওবাৰে প্ৰকাশ কৰা অনুসৰি আন্দোলনৰ জ্যেষ্ঠ নেতাসকলে পুৱা জাবুল প্ৰদেশৰ চুৰি জিলাৰ ওমাৰ্জোৰ ওচৰত থকা ওমৰৰ কবৰস্থানত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে। যোৱা বছৰৰ আগষ্ট মাহত তালিবানে চৰকাৰী বাহিনীক পৰাস্ত কৰি ক্ষমতালৈ ঘূৰি আহিছিল ৷ মুজাহিদে কয় যে শত্ৰুৰ আক্ৰমণৰ পৰা হ’ব পৰা ক্ষতিৰ পৰা হাত সাৰিবলৈ সমাধি গোপন কৰি ৰখা হৈছিল। তেওঁ লগতে কয় যে কেৱল পৰিয়ালৰ ঘনিষ্ঠ সদস্যসকলেহে ঠাইখনৰ বিষয়ে অৱগত কৰা হৈছিল ৷
বিষয়াসকলে প্ৰকাশ কৰা ছবিত তালিবান নেতাসকলে এটা সাধাৰণ বগা ইটাৰ সমাধিৰ চাৰিওফালে গোট খোৱা পৰিলক্ষিত হৈছিল ৷ মুজাহিদে কয় যে এতিয়া সমাধিস্থলত ৰাইজৰ দর্শনৰ ক্ষেত্ৰত কোনো সমস্যা নাই।
৫৫ বছৰ বয়সত মৃত্যু হোৱা ওমৰে ১৯৯৩ চনত দশকজোৰা ছোভিয়েট দখলৰ পিছত আৰম্ভ হোৱা আন্তঃৰাজ্যিক গৃহযুদ্ধৰ সময়ত তালিবান প্ৰতিষ্ঠা কৰিছিল। তেওঁৰ নেতৃত্বত তালিবানে ইছলামিক শাসনৰ এক অতি কঠোৰ সংস্কৰণ প্ৰৱৰ্তন কৰিছিল ৷ মহিলাসকলৰ বাবে কঠোৰ ৰীতি নীতি নির্ধাৰণ কৰাৰ লগতে কঠোৰ ৰাজহুৱা শাস্তি প্ৰৱৰ্তন কৰিছিল ৷