ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে হাত মোবাইললৈ যায়। বহুতৰে দিনটো ১০-১৫ মিনিট চচিয়েল মিডিয়া নোচোৱাকৈ আৰম্ভ নহয়। কেৱল প্ৰাপ্তবয়স্কই নহয়, শিশুৱেও এতিয়া অনলাইনত পঢ়ে। তেওঁলোকৰ ক্ষেত্ৰতো ক’ভিডৰ পিছত ‘স্ক্ৰীণ টাইম’ বাঢ়ি গৈছে ৷ মোবাইল, লেপটপ অথবা টেব – যিকোনো পৰ্দাত বহু সময় চালে তেওঁলোকৰ চকুৰ দৃষ্টিশক্তি কমি আহিছে। যাৰ বাবে বহু লোকে দূৰৈৰ বস্তু দেখাত অসুবিধা পায়। এই সমস্যাক চিকিৎসকে মাইঅ’পিয়া বুলি কয়। এই সমস্যাত আক্ৰান্ত লোকসকলে এটা নিৰ্দিষ্ট দূৰত্বত সকলো বস্তু ম্লান দেখে ৷
নেচনেল লাইব্ৰেৰী অৱ মেডিচিনৰ এক অধ্যয়ন অনুসৰি ২০৫০ চনৰ ভিতৰত বিশ্বৰ আধা জনসংখ্যা মাইঅ’পিয়াত আক্ৰান্ত হ’ব। মাইঅ’পিয়া ৰোগীয়ে ওচৰৰ বস্তু দেখা পায় যদিও দূৰৈৰ বস্তু দেখাত অসুবিধা পায়। মাইঅ’পিয়া কেইবাটাও কাৰণত হ’ব পাৰে। কিন্তু চিকিৎসকৰ মতে মাইঅ’পিয়াৰ অন্যতম ডাঙৰ কাৰণ হ’ল সূৰ্যৰ পোহৰত কম সময় কটোৱা। চিকিৎসকৰ মতে চকুৰ স্বাস্থ্যৰ বাবে প্ৰাকৃতিক পোহৰ অতি গুৰুত্বপূৰ্ণ। বিশেষকৈ শিশুৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি সূৰ্যৰ পোহৰত থাকিলে ৰেটিনাত ড’পামিন নামৰ যৌগ এটাৰ নিৰ্গমন বৃদ্ধি পায়। এই যৌগটোৱে চকুৰ দৃষ্টিশক্তি বৃদ্ধি আৰু মাইঅ’পিয়া প্ৰতিৰোধ কৰাত সহায় কৰে। সেয়েহে দিনৰ পোহৰ থকাৰ সময়ত ঘৰৰ বাহিৰত অধিক সময় কটাবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে। চকুক সুস্থ কৰি ৰাখিবলৈ এই অভ্যাস অতি স্বাস্থ্যকৰ।
মাইঅ’পিয়াৰ লক্ষণসমূহ কি কি?
১. দূৰৈৰ বস্তুৰ ম্লান দেখা
২. দূৰৰ বস্তু এটা স্পষ্টকৈ দেখাৰ বাবে চকুৰ পতা ওচৰলৈ অনা।
৩. সকলো সময়তে মূৰৰ বিষ।
৪. চকুৰ বিষ
প্ৰথমতে মাইঅ’পিয়াৰ আশংকা এৰাই চলিবলৈ ফোনটোৰ পৰা আঁতৰি থকাটো অতি প্ৰয়োজনীয়। ৰাতিপুৱা উঠি ফোনৰ আঁৰত সময় নষ্ট নকৰাকৈ লঘু ব্যায়াম কৰিব পাৰে বা খোজ কাঢ়িব পাৰে। স্কুলৰ পৰা আহি ল’ৰা-ছোৱালীক সন্ধিয়াৰ আগতে খেলপথাৰত খেলিবলৈ পঠিয়াব লাগে। ঘৰত ভিডিঅ’ গেম খেলি নহয়, বন্ধৰ দিনত প্ৰাকৃতিক পোহৰত অধিক সময় কটাবলৈ শিশুটিক উৎসাহিত কৰক।