ৰাজ্যৰ ৫ টা সমষ্টিত হ’বলগীয়া উপ-নির্বাচনক লৈ আৰম্ভ হৈছে তৎপৰতা ৷ অহা ৩০ অক্টোবৰত অনুস্থিত হ’বলগীয়া উপ-নির্বাচনৰ বাবে মুঠ ৩৯ গৰাকী প্ৰার্থীয়ে দাখিল কৰিছে মনোনয়নপত্ৰ ৷ যোৱা ৭ অক্টোবৰত ১২ গৰাকী প্ৰার্থীয়ে মনোনয়নপত্ৰ দাখিল কৰিছিল ৷ কালি মনোনয়নপত্ৰ দাখিলৰ অন্তিম দিনটোত ২৭ গৰাকী প্ৰার্থীয়ে মনোনয়ন দাখিল কৰে ৷
ৰাজ্যৰ ৫ টা সমষ্টি ক্ৰমে তামুলপুৰ,গোসাইগাঁও,ভবানীপুৰ,মৰিয়ণী আৰু থাওৰা সমষ্টিত উপ-নির্বাচন অহা ৩০ অক্টোবৰত অনুস্থিত হ’ব ৷ তামুলপুৰ সমষ্টিত মুঠ ৯ গৰাকী প্ৰার্থীয়ে মনোনয়নপত্ৰ দাখিল কৰিছে ৷ সেইদৰে, ভবানীপুৰত ৮ গৰাকী, মৰিয়ণীত ৪ গৰাকী, থাওৰাত ৫ গৰাকী আৰু গোসাইগাঁৱত ১৩ গৰাকী প্ৰার্থীয়ে মনোনয়নপত্ৰ দাখিল কৰিছে ৷
উল্লেখ্য যে গোসাইগাঁও আৰু তামুলপুৰ সমষ্টিৰ বিধায়ক দুগাৰকীৰ মৃত্যু হোৱাৰ বিপৰীতে ভবানীপুৰৰ প্ৰাক্তন বিধায়ক ফনীধৰ তালুকদাৰে এ আই ইউ ডি এফ , থাওৰা আৰু মৰিয়ণী সমষ্টিৰ প্ৰাক্তন বিধায়ক ক্ৰমে সুশান্ত বৰগোহাঁই আৰু ৰুপজ্যোতি কূর্মীয়ে কংগ্ৰেছ ত্যাগ কৰি বি জে পিত যোগদান কৰা বাবে উক্ত আসনসমূহ খালী হৈ পৰিছিল৷
আনহাতে, মাজুলী সমষ্টিৰ বিধায়কৰ পদ ইতিমধ্যে ত্যাগ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয়মন্ত্ৰী সর্বানন্দ সোনোৱালে৷ এই সমষ্টিটোতো শীঘ্ৰে উপ নির্বাচন অনুস্থিত হোৱাৰ সম্ভাৱনা আছে ৷ অৱশ্যে এতিয়ালৈ মাজুলীৰ উপ নির্বাচনৰ দিন ঘোষণা কৰা হোৱা নাই৷