ৰাজ্যত গৰম হৈ উঠিছে ৰাজনৈতিক বতাহ। অহা 30 অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া 5 সমষ্টিৰ উপ নিৰ্বাচনক লৈ আৰম্ভ হৈছে জোৰদাৰ প্ৰচাৰ অভিযান। প্ৰতিটো ৰাজনৈতিক দলৰে ৰথী মহাৰথী নামি পৰিছে ভোটাৰক আকৃষ্ট কৰিবলৈ। মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিধায়কলৈকে, বিৰোধী দলৰ মুৰব্বীৰ পৰা পালিনেতালৈ সকলো এতিয়া ব্যস্ত হৈ পৰিছে প্ৰচাৰত। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদিনে 4-5 খনকৈ নিৰ্বাচনী সভাত ভাগ লৈছে। ভবানীপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ হৈ কালি 4 খন নিৰ্বাচনী সভাত অংশগ্ৰহণৰ পাচত আজি পুনৰ মৰিয়নী সমষ্টিৰ পাঁচখন সভাত ভাগ ল’ব। হাতীগড় চাহ বাগিচা খেলপথাৰ,নাগজানকা ফুটবল খেলপথাৰ, দিহিঙীয়াপাৰা চাহ বাগিচা খেলপথাৰ আৰু তিৰুৱাল খেলপথাৰত অনুস্থিত হ’বলগীয়া নিৰ্বাচনী সভাত ভাগ ল’ব ডঃ শৰ্মাই। এইক্ষেত্ৰত পিছপৰি ৰোৱা নাই বিৰোধী দলসমূহো। প্ৰদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰা, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা সাংসদ ৰিপুন বৰাকে ধৰি কংগ্ৰেছ নেতাসকলেও তীব্রতৰ কৰি তুলিছে প্ৰচাৰ অভিযান। বিগত বিধানসভা নিৰ্বাচনত জয়লাভ কৰা ভৱানীপুৰ সমষ্টিত পুনৰ বিজয় নিশ্চিত কৰিবলৈ উঠিপৰি লাগিছে এ আই ইউ ডি এফ। সাংসদ তথা এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলসহ কেইবাজনো নেতাই সমষ্টিত প্ৰচাৰ চলাইছে। সমান্তৰালভাবে উজনি অসমৰ দুই সমষ্টি ক্ৰমে মৰিয়নী আৰু থাওৰাত দিনে নিশাই প্ৰচাৰ চলাইছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। সেইদৰে গোসাঁইগাঁও আৰু তামুলপুৰ সমষ্টিত বিজেপি আৰু ইয়াৰ মিত্ৰদল ইউ পি পি এলে নিজ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাইছে। অহা 30 অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া উপ নিৰ্বাচনত 39 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছে।