ঘোষণা কৰা হ’ল অষ্টাদশ লোকসভা নিৰ্বাচনৰ ফলাফল ৷ এনডিএ মিত্ৰজোঁটৰ নেতৃত্বত দিল্লীত চৰকাৰ গঠন নিশ্চিত হৈছে ৷ ইয়াৰ লগে লগে অসমৰ ৫ টা বিধানসভা সমষ্টি আৰু ২ খন ৰাজ্যসভাৰ আসনৰ বাবে শীঘ্ৰেই নির্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হৈছে ৷
কিয়নো সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত অসমৰ পৰা নিৰ্বাচিত হোৱা ১৪ গৰাকী সাংসদৰ ভিতৰত ৫ জনেই বৰ্তমান অসম বিধানসভাৰ সদস্য। সংসদলৈ নিৰ্বাচিত হোৱা এই ৫ গৰাকী বিধায়ক হৈছে ঢলাই সমষ্টিৰ পৰিমল শুক্লবৈদ্য, বিহালী সমষ্টিৰ ৰঞ্জিত দত্ত, চামগুৰি সমষ্টিৰ ৰকিবুল হুছেইন, চিদলী সমষ্টিৰ জয়ন্ত বসুমতাৰী আৰু বঙাইগাওঁ সমষ্টিৰ ফণীভূষণ চৌধুৰী। ইয়াৰে ভিতৰত পৰিমল শুক্লবৈদ্য মন্ত্ৰী হিচাপেও কার্যনিবাহ কৰিছিল ৷
আনহাতে ৰাজ্যসভাৰ সাংসদ সৰ্বানন্দ সোণোৱাল আৰু কামাখ্যা প্ৰসাদ তাছাও এইবাৰৰ লোকসভা নিৰ্বাচনত সাংসদ হিচাপে নিৰ্বাচিত হৈছে ৷ যাৰ ফলত অসমৰ ৰাজ্যসভাৰ দুখন আসন পুনৰ খালী হ’ল ৷ সোণোৱালে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা আৰু কামাখ্যা প্ৰসাদ তাছাই নৱ গঠিত কাজিৰঙা লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে।