অসমৰ মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শৰ্মা হ’ব এইবাৰ পশ্চিম বংগৰ চাৰিটা বিধান সভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ‘ষ্টাৰ কেম্পেইনাৰ’ বা তাৰকা প্ৰচাৰক। অসমৰ পাঁচটা বিধানসভা সমষ্টিৰ সৈতে একেলগে অহা ৩০ অক্টোবৰত ৰাজ্য খনত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব। পশ্চিমবঙ্গৰ এই উপ-নিৰ্বাচনৰ বাবে ষ্টাৰ কেম্পেইনাৰৰ এখন ২০জনীয়া তালিকা প্ৰকাশ কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে। এই তালিকাত অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰীণীকে ধৰি কেইবাগৰাকীও কেন্দ্রীয় মন্ত্রী আৰু শীর্ষ নেতাৰ নাম উল্লেখ কৰে বৰ্তমানৰ শাসনাধিস্থ দলটোৱে