উপ নিৰ্বাচন অনুষ্ঠিত হবলগীয়া তিনিটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে বি জে পিয়ে। ভৱানীপুৰ, মৰিয়নী আৰু থাওৰা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে দলটোৱে। প্ৰত্যাশিত ভাবেই ভৱানীপুৰত ফণীধৰ তালুকদাৰ, মৰিয়নীত ৰুপজ্যোতি কুৰ্মী আৰু থাওৰাত সুশান্ত বৰগোহাঁইয়ে প্ৰাৰ্থীত্ব লাভ কৰিছে। বি জে পিৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটিয়ে এই সমষ্টিকেইটাৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। উল্লেখ্য যে ভৱানীপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ফণীধৰ তালুকদাৰে এ আই ইউ ডি এফ ৰ পৰা পদত্যাগ কৰি বি জে পিত যোগদান কৰিছিল। পৰবৰ্তী সময়ত তেওঁ বিধায়ক পদ ত্যাগ কৰিছিল। সেইদৰে কংগ্ৰছ ত্যাগ কৰি মৰিয়নীৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু থাওৰাৰ প্ৰাক্তন বিধায়ক সুশান্ত বৰগোঁহাই য়ে বি জে পিত যোগদান কৰিছিল। অৱশ্যে উপ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া গোসাঁইগাও আৰু তামুলপুৰ সমষ্টিৰ প্ৰাৰ্থী এতিয়াও ঘোষণা কৰা হোৱা নাই। এই দুটা সমষ্টিত বি জে পিৰ মিত্ৰদল ইউ পি পি এলে প্ৰাৰ্থী প্ৰদানৰ সম্ভাৱনা আছে।