ইনষ্টিটিউট অৱ চাৰ্টাৰ্ড একাউণ্টেণ্টছ অৱ ইণ্ডিয়াৰ আইচিএআই চিএ পিকিউচি( ICAI CA PQC)ৰ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষা পিছুৱাই দিছে।এখন আনুষ্ঠানিক জাননী আইচিএআইয়ে নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰিছে। টুইটটোত তেওঁলোকে লখিছে – “গুৰুত্বপূৰ্ণ ঘোষণা – ২০২২ চনৰ ১ আৰু ৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া চাৰ্টাৰ্ড একাউণ্টেণ্ট পদৰ অৰ্হতা পাঠ্যক্ৰম পৰীক্ষা আন্তঃৰাষ্ট্ৰীয় কৰ মূল্যায়ন পৰীক্ষা পিছুৱাই দিয়া হৈছে ।“
২০২২ চনৰ ১ নৱেম্বৰৰ পৰা ৩ নৱেম্বৰলৈ এই পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা আছিল ৷ এতিয়া একে সময়(সমূহ) আৰু একে স্থানসমূহত ক্ৰমে ১৪ আৰু ১৬ ডিচেম্বৰত এই পৰীক্ষা অনুষ্ঠিত হ’ব। আন পৰীক্ষাৰ সময়সূচী অপৰিৱৰ্তিত হৈ থাকিব।
ইফালে, ছিমলা মহানগৰীত অনুষ্ঠিত হ’বলগীয়া আইচিএআই চিএ(ICAI CA) পৰীক্ষাও স্থগিত ৰখা হৈছে৷ ১২ নৱেম্বৰৰ আৰম্ভ হ’বলগীয়া পৰীক্ষা সমূহ ২১ নৱেম্বৰত অনুষ্ঠিত হ’ব।