নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ বলবৎ কৰাক লৈ বিজেপি চৰকাৰ বিভিন্ন দল-সংগঠনৰ সমালোচনাৰ সন্মুখীন হৈছিল ৷ অৱশ্যে আইনখন গৃহীত কৰিলেও ইয়াক এতিয়াও বলবৎ কৰা হোৱা নাই ৷ কিন্তু এসপ্তাহৰ ভিতৰতে এই আইন বলবৎ হ’ব বুলি ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰে ৷ তেওঁ দাবী কৰিছে যে অহা ৭ দিনত সমগ্ৰ দেশতে নাগৰিকত্ব (সংশোধনী) আইন বা ‘কা’ কাৰ্যকৰী হ’ব। দেওবাৰে পশ্চিম বংগৰ দক্ষিণ ২৪ পৰগনাত ৰাজহুৱা সভাত ভাষণ দি বনগাঁৱৰ পৰা বিজেপিৰ লোকসভাৰ সাংসদ শান্তনু ঠাকুৰে কয়, ‘অযোধ্যাৰ ৰাম মন্দিৰ (মন্দিৰ) উদ্বোধন কৰা হৈছে আৰু অহা সাত দিনৰ ভিতৰত কা কাৰ্যকৰী কৰা হ’ব সমগ্ৰ দেশতে। এয়া মোৰ নিশ্চয়তা। কেৱল পশ্চিমবংগতে নহয়, এসপ্তাহৰ ভিতৰত ভাৰতৰ প্ৰতিখন ৰাজ্যতে কা কাৰ্যকৰী হ’ব।”
নৰেন্দ্ৰ মোদী চৰকাৰে অনা বিতৰ্কিত ‘কা’ৰ অধীনত ডিচেম্বৰ পৰ্যন্ত ভাৰতলৈ অহা বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা নিৰ্যাতিত সংখ্যালঘু প্ৰব্ৰজনকাৰী – হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টান লোকসকলক নাগৰিকত্ব প্ৰদান কৰা হ’ব ৷
২০১৯ চনৰ ডিচেম্বৰ মাহত সংসদে কা গৃহীত কৰি তাৰ পিছত ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰাৰ পিছত দেশৰ একাংশ অঞ্চলত ব্যাপক প্ৰতিবাদৰ সৃষ্টি হয়।দেশৰ অন প্ৰান্তৰ সমান্তৰালকৈ ৰাজ্যতো ব্যাপক প্ৰতিবাদ হৈছিল ৷ অসম চুক্তি ভংগ কৰা এই আইন কেতিয়াও মানি নলয় বুলি হুংকাৰ দিছিল আছুৱে ৷ কিন্তু আছুৰ প্ৰতিবাদক নেওচি এই আইন গৃহীত হৈছিল ৷ তৎসত্বেও ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰিব বুলি আছুৱে হুংকাৰ দি আহিছে ৷ সমান্তৰালভাৱে এই আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত কেইবাটায়ো গোচৰ ৰুজু হৈছে ৷ যিসমূহ বিচৰাধীন হৈ আছে ৷ ইয়াৰ মাজতে বিজেপি নেতাজনৰ এই মন্তব্যই পুনৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ৷