ক’ভিডৰ প্ৰথমটো ঢৌত ‘কা’ আন্দোলনৰ গতি স্থৱিৰ হৈ পৰিছিল যদিও পুনৰ গা কৰি উঠিছে ৰাজ্যৰ এই বৃ্হৎ আন্দোলনে। আজি গুৱাহাটীৰ চান্দমাৰীস্থিত উৰণীয়া সেতুৰ তলত অসমৰ অন্যতম ৰাজনৈতিক দল অসম জাতীয় পৰিষদে ’কা‘ ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰি ‘গণ-গৰ্জন‘ শীৰ্ষক এক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰে।
অসম চুক্তিৰ ৫ নং আৰু ৬ নং দফা ৰূপায়ণৰ দাবীৰ লগতে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম জাতীয় পৰিষদে। বিগত সময়ত ৰাজ্যৰ বিভিন্ন দল-সংগঠনে ‘কা‘ৰ বিৰুদ্ধে প্ৰতিবাদ জনাই আহিছিল যদিও পৰৱৰ্ত্তী সময়ত এই আন্দোলন ম্লান পৰা দেখা গৈছিল।
পুনৰ আজি অসম জাতীয় পৰিষদে গ্ৰহণ কৰা এই পদক্ষেপত ’কা’ আন্দোলন অব্যাহত থকাৰ ইংগিত দিছে। বিশেষকৈ অসম চুক্তি ৰূপায়ণৰ যোগেদি হাজাৰ হাজাৰ অসমীয়া লোকৰ ত্যাগ তথা আত্ম বলিদানৰ প্ৰত্যুত্তৰ বিচাৰি এই আন্দোলনৰ গতি তৰাম্বিত কৰাৰো হুংকাৰ দিছে দলটোৱে।
প্ৰতিবাদকাৰী সকলৰ মতে ক’ভিডৰ সুযোগ লৈ অসম চৰকাৰে অসমৰ ৰাইজে ‘কা‘ মানি লোৱা বুলি যি জন অভিমত গঢ়ি তুলিবলৈ চেষ্টা কৰি আহিছে,সেইয়া সম্পূৰ্ণ মিছা বুলি দাবী কৰে দলটোৱে।
এই গণ আন্দোলনত যি ৫ জনকৈ যুৱকে প্ৰাণ আহুতি দিলে তেওঁলোকৰ ত্যাগক অথলে যাব নিদিয়ে বুলিও বি জে পি চৰকাৰক হুংকাৰ প্ৰদান কৰে।
খোল-তাল,নাগাৰা পৰিবেশন কৰি কৰা এই প্ৰতিবাদস্থলীত দলটোৰ নেতা তথা কৰ্মী সকলে বি জে পি চৰকাৰক তীব্ৰ সমালোচনা কৰি চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে এক উত্তাল পৰিবেশৰ সৃষ্টি কৰে।