ডঃ হিমন্ত বিশ্ব শর্মা চৰকাৰৰ কেবিনেট বৈঠক কাইলৈ বঙাইগাঁৱত অনুষ্ঠিত হ’ব ৷ শাসনভাৰ গ্ৰহণ কৰাৰ পাছতে নতুন চৰকাৰখনে প্ৰতি মাহত এখনকৈ কেবিনেট বৈঠক গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ ইয়াৰ অংশ হিচাপে কাইলৈ বঙাইগাৱত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হ’ব ৷ ইয়াৰ বাবে বঙাইগাঁৱত আৰম্ভ হৈছে পুর্ণ প্ৰস্তুতি ৷ নতুন চৰকাৰৰ এইখন হ’ব গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত হ‘বলগীয়া দ্বিতীয়খন কেবিনেট বৈঠক ৷ ইয়াৰ পূর্বে প্ৰথমখন কেবিনেট বৈঠক ধেমাজিত অনুস্থিত হৈছিল ৷