ঝাৰখণ্ডৰ দেওঘৰ জিলাৰ বাবা বৈদ্যনাথ মন্দিৰৰ ওচৰৰ ত্ৰিকুট পাহাৰত থকা ৰ’পৱেত কেবল কাৰৰ সংঘৰ্ষত কমেও দুজন লোক নিহত হয় ৷ দেওবাৰে সংঘটিত এই ঘটনাত কেইবাজনো লোক আহত হৈছে ৷
জানিব পৰা মতে ৪৮ জন লোক এতিয়াও ৰ’পৱেত ১২ টা কেবিনত আবদ্ধ হৈ আছে ৷ ১৬ ঘণ্টাৰো অধিক কাল আৱদ্ধ হৈ থকা লোককেইজনক উদ্ধাৰৰ বাবে অব্যাহত আছে অভিযান ৷কাৰিকৰী বিজুতিৰ বাবে কেবল কাৰৰ সংঘৰ্ষ হোৱা বুলি প্ৰাথমিকভাৱে অৱগত কৰা হৈছে যদিও প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। এন ডি আৰ এফৰ এটা দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷ স্থানীয় লোকসকলে উদ্ধাৰ অভিযানত এন ডি আৰ এফক সহায় কৰি আছে।
জিলাখনৰ উপায়ুক্তই সদৰী কৰা অনুসৰি পৰিস্থিতি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত আছে। কিছুসংখ্যক লোক এতিয়াও ৰ’পৱেত থকা কেবল কাৰসমূহত আবদ্ধ হৈ আছে আৰু তেওঁলোকক উদ্ধাৰৰ ব্যৱস্থা কৰা হৈছে। সকলো পৰ্যটকক সুৰক্ষিতভাৱে স্থানান্তৰ কৰা হৈছে ৷ ঝাৰখণ্ড পৰ্যটনে জানিবলৈ দিয়া মতে ত্ৰিকুট ৰ’পৱে হৈছে ভাৰতৰ সৰ্বোচ্চ উলম্ব ৰছীপথ।বাবা বৈদ্যনাথ মন্দিৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰত অৱস্থিত ৰ’পৱেটো প্ৰায় ৭৬৬ মিটাৰ দীঘল ৷আনহাতে পাহাৰখন ৩৯২ মিটাৰ ওখ।ৰ’পৱেত ২৫ টা কেবিন আছে। প্ৰতিটো কেবিনত চাৰিজন মানুহ বহিব পাৰে।