গুৱাহাটী, ১০ নৱেম্বৰঃ আজি সাতগাঁও নগৰীয়া ৰাজ্যিক চিকিৎসালয়ত চিজাৰিয়ান সেৱা মুকলি কৰা হয়। প্ৰসূতি অষ্ট্ৰোপচাৰ কক্ষৰ শুভ উদ্বোধনী কাৰ্যসূচীত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মিছন সঞ্চালিকা ডাঃ এম এছ লক্ষ্মী প্ৰিয়া, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ -ইন- কাউঞ্চিল (ইনচাৰ্জ হেল্থ) অসীম শইকীয়া,
স্বাস্থ্য বিভাগৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ হেৰম্ব কুমাৰ ভট্টাচাৰ্য্য, কামৰূপ মহানগৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ কন্দৰ্প কুমাৰ দাস,
কামৰূপ মহানগৰ জিলাৰ মুখ্য চিকিৎসা ও স্বাস্থ্য বিষয়া (সংক্ৰমিত ৰোগ) ডাঃ এ কে শৰ্মাকে ধৰি চিকিৎসালয়খনৰ চিকিৎসক-নাৰ্চ, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক আৰু জিলাভিত্তিক বিষয়াসকলো উপস্থিত থাকে।