গুৱাহাটী, ২৮ অক্টোবৰঃ কুষ্ঠ ৰোগ চিনাক্তকৰণ আৰু এই ৰোগ সন্দৰ্ভত সজাগতা সৃষ্টিৰ জৰিয়তে ৰোগবিধ নিমূৰ্লৰ লক্ষ্যৰে অহা ৩০ অক্টোবৰৰ পৰা ১২ নৱেম্বৰলৈ সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ মহানগৰ জিলাতো কোষ্ঠ ৰোগ নিৰ্ণয় অভিযান চলোৱা হ’ব৷ জিলাখনৰ মুঠ জনসংখ্যাৰ ৯০ৰ পৰা ৯৫ শতাংশক সামৰি এই অভিযান চলিব৷ জিলা কোষ্ঠ কোষৰ উদ্যোগত জিলাখনক কোষ্ঠ ৰোগ মুক্ত কৰাৰ বাবে চলিবলগীয়া অভিযানত স্বাস্থ্যকৰ্মী ঘৰে ঘৰে যাব আৰু কোষ্ঠৰোগৰ লক্ষণক আধাৰ কৰি পৰীক্ষা কৰিব৷ কোষ্ঠ ৰোগৰ পৰীক্ষাৰ বাবে যোৱা স্বাস্থ্য কৰ্মীৰ সৈতে সহযোগিতা কৰিবলৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৰাইজক আহ্বান জনাইছে৷ উল্লেখ্য যে কোষ্ঠৰোগ হৈছে বেক্টেৰীয়াৰ পৰা উৎপন্ন হোৱা এবিধ অতি সংক্ৰামক ৰোগ৷ এই ৰোগে ঘাইকৈ ছাল আৰু স্নায়ুৰ হানি কৰে৷ এই বীজানু লাহে লাহে বৃদ্ধি হয় বাবে ৰোগৰ লক্ষণসমূহ দেখা দিওঁতে ৩-৫ বছৰ সময় লাগে৷ সকলো লিঙ্গৰ যিকোনো বয়সৰ লোক এই ৰোগৰ বলি হ’ব পাৰে৷ প্ৰথমাৱস্থাতে ৰোগ চিনাক্তকৰণৰ লগতে নিয়মীয়া আৰু সম্পূৰ্ণকৈ বহু ঔষধীয় চিকিৎসা গ্ৰহণ কৰি কোষ্ঠ ৰোগৰ ভয়াবহ পৰিণতিৰ পৰা হাত সাৰিব পাৰি বুলি এক প্ৰচাৰ পত্ৰিকা যোগে সদৰি কৰি ৰাইজৰ সহযোগিতা কামনা কৰিছে জিলা কোষ্ঠ কোষে৷