আৰু মাত্ৰ তিনিমাহৰ পিছত ব্ৰিটেইনৰ ৰজা তৃতীয় চাৰ্লছৰ ৰাজঅভিষেক অুষ্ঠিত হ’ব ৷সেইদিনাই তেওঁক মুকুট পিন্ধোৱা হ’ব। কিন্তু ব্ৰিটেইনৰ ৰাণী কেমিলাই ৰাজ অভিষেকক লৈ ইতিমধ্যে সাৱধান হৈ পৰিছে ৷ ব্ৰিটিছ ঔপনিৱেশিক ইতিহাসৰ বেদনাদায়ক পৰিঘটনাক লৈ বিতৰ্কৰ যাতে সৃষ্টি নহয় তাৰ বাবে তেওঁ সাৱধান হৈ পৰিছে ৷ চাৰ্লছৰ ৰাজ অভিষেকত কেমিলাই পঞ্চম জৰ্জৰ পত্নী টেকৰ ৰাণী মেৰীৰ মুকুট পিন্ধিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । কিন্তু কেমিলাই সেই মুকুটৰ পৰা বিতৰ্কিত কোহিনুৰ হীৰাটো আঁতৰাবলৈ আহ্বান জনাইছে । বাকিংহাম পেলেচৰ সূত্ৰৰ মতে, এই অনুষ্ঠানত মুকুটৰ কোহিনুৰক লৈ কোনো বিতৰ্ক হোৱাটো নিবিচাৰে। ইয়াৰ পূৰ্বে বহুবাৰ এই বহুমূলীয়া আৰু আপুৰুগীয়া হীৰা ভাৰতলৈ ঘূৰাই দিয়াৰ দাবী উত্থাপন হৈছে। ১৯১১ চনত পঞ্চম জৰ্জৰ ৰাজ অভিষেকৰ সময়ত কোহিনুৰ মুকুট পিন্ধিছিল তেওঁৰ পত্নী ৰাণী কনচৰ্ট মেৰীয়ে। পিছলৈ ৰাণী দ্বিতীয় এলিজাবেথে এই মুকুট পৰিধান কৰিছিল ৷
বাকিংহাম পেলেছে আজি জনোৱা মতে, লণ্ডনৰ টাৱাৰত ৰখা ঐতিহাসিক মুকুটটো বৰ্তমানৰ ৰাণীৰ অনুৰোধত আঁতৰাই পেলোৱা হৈছে। সেই মুকুটত কোহিনুৰৰ সলনি কালিনান তিনি, চাৰি আৰু পাঁচ হীৰা স্থাপন কৰা হ’ব। ইয়াৰ উপৰিও মুকুটত আন কিছুমান পৰিৱৰ্তন কৰা হ’ব। অৱশ্যে মুকুটৰ পৰা ক’হিনূৰক ক’ত আঁতৰোৱা হ’ব সেই বিষয়ে জানিব পৰা হোৱা নাই।
ৰাণীৰ দৰেই ৰজা তৃতীয় চাৰ্লছৰ মুকুটতো পৰিৱৰ্তন কৰা হৈছে। ৰাজ অভিষেকত চাৰ্লছে চেণ্ট এডৱাৰ্ডৰ মুকুট পিন্ধিব। ইতিমধ্যে ইয়াক পুণৰ নির্মাণ কৰি ৰাজহুৱা দৰ্শনৰ বাবে লণ্ডনৰ টাৱাৰত ৰখা হৈছে।