কেৱল উপাৰ্জনৰ বাবে ৯ বছৰ বয়সৰ পৰাই বিয়াত গান গাইছিল এইগৰাকী বিখ্যাৎ পঞ্জাৱী গায়কে কিন্তু কেৱল গীত পৰিবেশন কৰিয়েই ক্ষান্ত হৈ নাথাকি পৰৱৰ্তী সময়ত তেওঁ অভিনয় জগততো প্ৰবেশ কৰে ৷
তেওঁ হ’ল বিখ্যাত পাঞ্জাবী গায়ক তথা গীতিকাৰ গুৰু ৰন্ধাৱা৷ যি বৰ্তমান নিজৰ ছবি ‘কুচ খাট্টা হো জায়ে’ ছবিখনৰ জৰিয়তে বলীউডত প্ৰৱেশ কৰিছে। সাই মঞ্জৰেকাৰৰ সৈতে এই ছবিখনৰ জৰিয়তে তেওঁ পাতনি মেলিছে অভিনয় জীৱনৰ ।
ইণ্ডিয়ান এক্সপ্ৰেছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত গুৰুৱে নিজৰ কেৰিয়াৰৰ আৰম্ভণি আৰু সংগ্ৰামৰ দিনবোৰৰ কথা ব্যক্ত কৰে। ইয়াৰ লগতে সংগীতৰ জগতখনৰ পৰা অভিনয় জগতখনলৈ তেওঁৰ এই যাত্ৰাৰ কথাও কয়। তেওঁ কয় যে মনোৰঞ্জন উদ্যোগত তেওঁৰ কেৰিয়াৰ আৰম্ভ হৈছিল মাত্ৰ ৯ বছৰ বয়সৰ পৰাই । ইমান কম বয়সতে তেওঁ ধন উপাৰ্জনৰ বাবে বিবাহ অনুষ্ঠান সমূহত গান গাইছিল। ইয়াৰ পৰাই এই কথা স্পষ্ট হৈ পৰিছে যে তেওঁ সংগীতৰ প্ৰতি কিমান আগ্ৰহী আৰু এজন তাৰকা হ’ব পৰা তেওঁৰ সেই প্ৰতিভা অৱশ্যেই আছে ।
জীৱনৰ প্ৰতিটো মূহুৰ্তত পিতৃ-মাতৃৰ সহযোগিতা কিম্বা আশীৰ্বাদ লাভ কৰা গুৰুৱে পিতৃ-মাতৃক শ্ৰদ্ধা জনাই কয় যে তেওঁলোকে সদায় ভাবিছিল যে তেওঁৰ সন্তান এদিন টিভিত ওলাব। তেওঁলোকে সদায় সংগীত সম্পৰ্কীয় যিকোনো কাম কৰিবলৈ তেওঁক উৎসাহিত কৰিছিল। অৱশ্যে চিনেমাৰ প্ৰতি তেওঁৰ এই প্ৰেম তথা আকৰ্ষণৰ মূল কাৰণ হ’ল তেওঁৰ প্ৰিয় তথা আদৰ্শ অভিনেতা শ্বাহৰুখ খান আৰু ছলমান খান ।
অভিনয় জগতত নতুনকৈ পদাৰ্পণ কৰাৰ ক্ষেত্ৰত গুৰু ৰন্ধৱাই কয় যে তেওঁ ইয়াক জীৱনৰ এক নতুন আৰম্ভণি আৰু আগবাঢ়ি যোৱাৰ এক নতুন সুযোগ হিচাপে গ্ৰহণ কৰিছে। তেওঁ আশাবাদী যে অনুৰাগীসকলে ভাল পাব গুৰুৰ এই নতুন ৰূপ । কাৰণ ইতিমধ্যে এগৰাকী গায়ক হিচাপে জনপ্ৰিয় তেওঁ। এতিয়া এই নতুন ৰূপত অভিনেতা গুৰু ৰন্ধাৱা কিমান দূৰ আগুৱাই যায় তাৰ উত্তৰ দিব সময়ে ।