‘বাৰ্ড ফ্লু’ পুনৰ আতংকৰ কাৰণ হৈ পৰিছে । এই ৰোগৰ ভাইৰাছ এইছ এফ ভি এন-১ (‘HFVN1’) গৰুৰ গাখীৰত পোৱা গৈছিল। ইতিমধ্যে নিউয়ৰ্কৰ এজন বাসিন্দা ‘বাৰ্ড ফ্লু’ত আক্ৰান্ত হৈছে। এই তথ্য প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। আৰু তাৰ পিছত সমগ্ৰ বিশ্বতে আতংক বিয়পি পৰিছে। গৰুৰ গাখীৰ বহু লোকৰ দৈনিক খাদ্য তালিকাত অন্তভূর্ক্ত হৈ থাকে । কেঁচুৱাকো এই গাখীৰ খুওৱা হয়। ইয়াৰ বাহিৰেও গৰুৰ গাখীৰৰ পৰা তৈয়াৰী বিভিন্ন খাদ্য প্ৰস্তত কৰা হয় ৷ যাৰ বাবে গৰুৰ গাখীৰ সেৱন কৰাক লৈ মানুহৰ মনত সংশয়ৰ সৃষ্টি হৈছে ৷
নিউয়ৰ্কৰ থকা কেইবাখনো পশু পামত গৰুৰ দেহত এই ভাইৰাছ বিয়পি পৰিছে। কেৱল নিউয়ৰ্কে নহয়, আমেৰিকাৰ আন দুখন চহৰ টেক্সাছ আৰু মেক্সিকোৰ কেইবাটাও পশুধন কেন্দ্ৰত কুকুৰা আৰু গৰুত বাৰ্ড ফ্লু ভাইৰাছ বিয়পি পৰিছে। গৱেষণাৰ মতে এই ৰোগৰ ভাইৰাছ বাৰ্ড ফ্লুত আক্ৰান্ত গৰুৰ গাখীৰত পোৱা গৈছে। সেই গাখীৰ খাই এজন ব্যক্তি আক্ৰান্ত হৈছে ৷
এটা বিশেষ প্ৰজাতিৰ চৰাইৰ শৰীৰত এই ভাইৰাছৰ লেখ-জোখ পোৱা গৈছে। ইতিমধ্যে আমেৰিকাৰ খাদ্য আৰু প্ৰশাসনে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা গাখীৰৰ নমুনা সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছে। অৱশ্যে ভাৰতত এতিয়ালৈকে কোনো আতংকজনক প্ৰমাণ লাভ কৰা হোৱা নাই। তথাপিও এই ঘটনাৰ পিছত বহুতৰে মনত প্ৰশ্ন উত্থাপন হৈছে যে বিপদৰ পৰা হাত সাৰিবলৈ গৰুৰ গাখীৰ খোৱা বন্ধ কৰাটো প্ৰয়োজনীয় নেকি?
গাখীৰত শৰীৰৰ বাবে বহুতো গুৰুত্বপূৰ্ণ আৰু উপকাৰী পুষ্টিকৰ উপাদান থাকে। গাখীৰ খোৱা বন্ধ কৰাৰ অৰ্থ হ’ল বহুতো শাৰীৰিক সমস্যাৰ সন্মুখীন হোৱা। গতিকে এনে সিদ্ধান্ত লোৱাটো শৰীৰৰ বাবে উপযুক্ত নহ’ব বুলি গৱেষকসকলে জানিবলৈ দিয়ে। বিভিন্ন দেশৰ গৱেষক আৰু চিকিৎসকে কৈছে যে যদি আপুনি গাখীৰ খাব বিচাৰে তেন্তে সদায় উতলাই লব লাগে। কেঁচা গাখীৰ খোৱা উচিত নহয় ৷ কাৰণ কেঁচা গাখীৰ পেষ্টুৰাইজ কৰা নহয়। ফলত যদি কোনো বীজাণু থাকে তেন্তে সেই বীজাণু পোনপটীয়াকৈ শৰীৰত প্ৰৱেশ কৰে। গৰমে কৰি খালে সেই ভয় নাথাকে ৷ গতিকে তেওঁলোকে ভাবে কেঁচা গাখীৰ নিষিদ্ধ কৰিব লাগে।