শিশুৰ প্ৰসাধন সামগ্ৰী নিৰ্মাতা কোম্পানী জনছন এণ্ড জনছন সমগ্ৰ বিশ্বতে জনপ্ৰিয় । শিশুৰ প্ৰসাধন সামগ্ৰীৰ ভিতৰত জনছনৰ বেবী পাউদাৰ অন্যতম জনপ্ৰিয় । কেলিফৰ্ণিয়াৰ এজন ব্যক্তিয়ে অভিযোগ কৰিছিল যে এই বেবী পাউদাৰৰ পৰা তেওঁৰ মেছ’থেলিঅ’মা হৈছে। মঙলবাৰে কেলিফৰ্ণিয়াৰ অকলেণ্ডৰ ৰাজ্যিক আদালতে এমৰয় হাৰ্নাণ্ডেজ ভালেডেজ নামৰ ব্যক্তিজনে জনছন এণ্ড জনছনক ১০ লাখ ৮.৮ কোটি ডলাৰ ক্ষতিপূৰণ দিব লাগে বুলি নিৰ্দেশ দিয়ে। কেৱল এয়াই নহয়, এনে সকলো সামগ্ৰী ভিত্তিক অভিযোগ ক্ষিপ্ৰতাৰে নিষ্পত্তি কৰিবলৈও নিৰ্দেশ দিয়া হৈছে। আমেৰিকাত এই কোম্পানীটোৰ বিৰুদ্ধে ১০ হাজাৰতকৈ অধিক অভিযোগ দাখিল কৰা হৈছিল। গতিকে এই বিচাৰে বহুতৰে দৰে স্বাস্থ্য খণ্ডতো এক নতুন দিশ দেখুৱাব পাৰে।
জনছন এণ্ড জনছনে অৱশ্যে তেওঁলোকৰ সামগ্ৰীয়ে কেন্সাৰ সৃষ্টি কৰাৰ আশংকা সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে। কোম্পানীটোৱে দাবী কৰিছে যে ইয়াৰ পৰীক্ষা বিশ্বৰ অসংখ্য লোকৰ ওপৰত কৰা হৈছে। ই সম্পূৰ্ণ নিৰাপদ ৷ শুনানিৰ সময়ত তেওঁলোকৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সমৰ্থনত দিয়া প্ৰমাণৰ বিৰুদ্ধে আবেদন দাখিল কৰিব বুলিও জানিবলৈ দিছে।
ইয়াৰ আগতেও জনছন এণ্ড জনছনৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছিল । জনছন বেবী পাউডাৰত এছবেষ্টছৰ দৰে ক্ষতিকাৰক খনিজ পদাৰ্থ থাকে বুলি কোৱা হয়। উচ্চ তাপ শোষণ ক্ষমতা থকা এই খনিজ পদাৰ্থ শৰীৰত প্ৰৱেশ কৰিলে কেন্সাৰ হোৱাৰ সম্ভাৱনা থাকে। এমৰয় হাৰ্নাণ্ডেজ ভালডেজৰ ক্ষেত্ৰতো একেধৰণৰ প্ৰমাণ পোৱা গৈছিল। এম্ৰয়ৰ মাতৃ আনা কামাচোৱে আদালতত কয় যে তেওঁৰ পুত্ৰৰ শৰীৰত সৰুৰে পৰাই এই পাউডাৰ প্ৰয়োগ কৰি আহিছে। জনছন এণ্ড জনছনে বছৰ বছৰ ধৰি বেবী পাউদাৰ বিক্ৰী কৰি আহিছে, বেবী পাউডাৰত এছবেষ্টছৰ দৰে ক্ষতিকাৰক পদাৰ্থ থকাৰ কথা লুকুৱাই ৰাখিছে।