উত্তৰ লক্ষীমপুৰ জিলাত স্থাপন কৰা নৱ নিৰ্মিত কৰ্কট ৰোগৰ চিকিৎসালয়ত যোৱা কালি উপস্থিত হৈ সামগ্ৰিক পৰিস্থিতিৰ বুজ লয় অসমৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।অহা ২৭ এপ্ৰিলত প্ৰধামন্ত্ৰী মোদী ডাঙৰীয়াই উন্মোচন কৰিব লগীয় অসমৰ ৭ খন কৰ্কট ৰোগৰ চিকিৎসালয়ৰ ভিতৰত উত্তৰ লক্ষীমপুৰ জিলাৰ কৰ্কট ৰোগৰ চিকিৎসালয়ৰ ৰৈ যোৱা অৱশিষ্ট কাম কাজ সমূহ নিৰীক্ষণ কৰে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে। চিকিৎসালয় খনৰ উদ্বোধনৰ বাবে অতি সোনকালে সাজু কৰাৰ বিষয়ত নিৰ্মাণ কোম্পানী এল এন টিক দৈনিক তদাৰক কৰিবলৈ কোৱাৰ লগতে জিলা উপায়ুক্তৰ ওপৰত দায়িত্ব ন্যস্ত কৰে মন্ত্ৰী গৰাকীয়ে।
চিকিৎসালয় খনত অহা ২০ এপ্ৰিলৰ পৰা ‘ট্ৰায়েল ৰাণ’ কৰা হ’ব বুলি নৱনিযুক্ত অধীক্ষক কৰ্ণেল ডাক্তৰ এছ এছ ঘোষ ডাঙৰীয়াই জানিবলৈ দিয়ে।