দুৰাৰোগ্য কর্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত আন এক সাফল্য ৷ লণ্ডনত কৰ্কট ৰোগৰ ভেকচিনৰ পৰীক্ষা আৰম্ভ হৈছে । ক’ভিড ভেকচিন প্ৰস্তুত কৰিবলৈ যি এমআৰএনএ প্ৰযুক্তি ব্যৱহাৰ কৰা হয়, সেই একেটা প্ৰযুক্তিৰ সহায়ত কৰ্কট ৰোগৰ ভেকচিন প্ৰস্তুত কৰা হৈছে। এই প্ৰযুক্তিয়ে কেন্সাৰ কোষ ধ্বংস কৰাত সহায় কৰিব বুলি বিজ্ঞানীসকলে আশা কৰিছে।
লণ্ডন ইম্পেৰিয়েল কলেজ এন এইচ এছ হেল্থকেয়াৰ ট্ৰাষ্ট আৰু ইম্পেৰিয়েল কলেজৰ বিজ্ঞানীৰ নেতৃত্বত লণ্ডনত আৰম্ভ হৈছে প্ৰাৰম্ভিক পৰ্যায়ৰ মবিলাইজৰ পৰীক্ষা। ব্ৰিটিছ চৰকাৰৰ কঠোৰ তত্বাৱধানত ভেকচিন নিৰ্মাতা কোম্পানী মডাৰ্নাই এই পৰীক্ষা প্ৰক্ৰিয়া চলাই আছে।
পশ্চিম লণ্ডনৰ হামাৰস্মিথ হাস্পতালত ৰোগীৰ ওপৰত কেন্সাৰ ভেকচিনৰ প্ৰথমটো পৰীক্ষা আৰম্ভ হৈছে। এই ভেকচিন হাওঁফাওঁৰ কৰ্কট ৰোগ, ছালৰ কৰ্কট ৰোগ আৰু অন্যান্য কঠিন টিউমাৰৰ বিৰুদ্ধে উপযুক্ত আহিলা হিচাপে কাম কৰিব বুলি গৱেষকসকলে দাবী কৰিছে।
এমআৰএনএ -৪৩৫৯(mRNA-4359) ভেকচিন লাভ কৰা প্ৰথমজন ব্যক্তিৰ বয়স হৈছে ৮১ বছৰ। দীৰ্ঘদিন ধৰি ছালৰ কৰ্কট ৰোগৰ সৈতে যুঁজি আহিছে তেওঁ। ঔষধ আৰু চিকিৎসাৰ ফলাফলৰ অভাৱত তেওঁ নিজা ইচ্ছামতে কেন্সাৰ ভেকচিনৰ পৰীক্ষাত অংশ লৈছিল।
বিগত ১০-১২ বছৰ ধৰি কেন্সাৰৰ বিৰুদ্ধে যুঁজিবলৈ এমআৰএনএ ইনহিবিটৰৰ ব্যৱহাৰ চলি আহিছে।এই এমআৰএনএৰ দ্বাৰা শৰীৰক যুঁজিবলৈ নিৰ্দিষ্ট ধৰণৰ ভাইৰাছৰ প্ৰটিন তৈয়াৰ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ যিয়ে ইয়াক ক’ভিডৰ দৰে ৰোগৰ বীজাণুৰ বিৰুদ্ধে যুঁজিবলৈ এন্টিজেন উৎপাদন কৰাত সহায় কৰে। একেদৰে গৱেষকসকলৰ মতে এমআৰএনএ প্ৰযুক্তিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক কৰ্কট কোষ বিচাৰি উলিয়াই ধ্বংস কৰিবলৈ নিৰ্দেশ দিব।