অসম লোকসেৱা আয়োগ চমুকৈ এপিএছচিৰ ২০২২ বর্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত এচিএছৰ ৩০ সংখ্যক স্থান লাভ কৰাৰ পাছতো নিযুক্তিৰ পৰা বঞ্চিত হ’ল এগৰাকী প্ৰার্থী ৷ বেংকৰ ধন আত্মসাৎ গোচৰত অভিযুক্ত হোৱাৰ বাবেই এচিএছৰ দৰে পদত নিযুক্তিৰ পৰা বঞ্চিত হ’বলগীয়া হ’ল প্ৰিয়ংকা বৰুৱা নামৰ যুৱতী গৰাকী ৷
উল্লেখ্য যে, পূর্বে অসম গ্ৰামীণ বিকাশ বেংকত কর্মৰত আছিল প্ৰিয়ংকা ৷ বেংকটোৰ ৩৪ লাখ টকীয়া বিত্তীয় কেলেংকাৰি সংঘটিত কৰাৰ অভিযোগত প্ৰিয়ংকাই চাকৰি হেৰুৱাইছিল ৷ আনকি এই গোচৰত তেওঁ নিলম্বন হোৱাৰ লগতে কাৰাবাসো খাটিব লগা হৈছিল। চান্দমাৰি থানাত ৰুজু হোৱা ১৪২/২২ নম্বৰৰ গোচৰত উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰা প্ৰিয়ংকাই এই সকলো তথ্য লুকুৱাই এপিএছচি পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হয় ৷
নিয়ম অনুসৰি এপিএছচি পৰীক্ষাত চৰকাৰী বা ৰাজহুৱা খণ্ডত কৰ্মৰত কৰ্মচাৰীয়ে চাকৰি কৰি থাকিলে বিভাগীয় অনুমতি পত্ৰ দাখিল কৰিব লাগে। প্ৰিয়ংকাই বেংক জালিয়াতিৰ কৰাৰ বাবে গ্ৰেপ্তাৰ হোৱাৰ কথাও এপিএছচিৰ পৰীক্ষাৰ নথিত অন্তৰ্ভুক্ত কৰা নাছিল। যাৰ বাবে তেওঁৰ নাম বাচনি তালিকাত প্ৰকাশ পোৱাৰ লগে লগে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ যাৰ বাবে পৰৱর্তী সময়ত আৰক্ষীৰ ভেৰিফিকেচনত প্ৰিয়ংকাই নিযুক্তি নোপোৱাটো নিশ্চিত হয় ৷ ইতিমধ্যে কালি ৰাজ্য চৰকাৰে বাচনিভুক্ত বিষয়াসকলক নিযুক্তিপ্ৰত্ৰ বিতৰণ কৰিছে ৷