ৰাছিয়াৰ আক্ৰমণৰ পাছতে ইউক্ৰেইনত অধ্যয়নৰত দেশৰ বহু শিক্ষার্থী ঘৰলৈ ওভতি আহিছিল ৷ বিশেষকৈ চিকিৎসা বিজ্ঞান অধ্যয়ন কৰি থকা শিক্ষার্থীসকলে আধাতে পঢ়া শুনা সামৰি ঘৰলৈ ওভতি আহিছিল ৷ যুদ্ধৰ পৰিৱেশ কিছু শাম কাটিলেও ৰাছিয়াই এতিয়াও ইউক্ৰেইনৰ ভূমিত আক্ৰমণ অব্যাহত ৰাখিছে ৷ যাৰ বাবে ইউক্ৰেইনৰ পৰা ওভতি অহা ভাৰতীয় শিক্ষার্থীসকল এতিয়াও ওভতি যাব পৰা নাই ৷ সেয়েহে এই শিক্ষার্থীসকলৰ জীৱনলৈ নামি আহিছে চৰম শংকা ৷ দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমৰ বহু শিক্ষার্থীও যুদ্ধৰ সময়ত শিক্ষা আধৰুৱা কৰি ঘৰলৈ ওভতি আহিছে ৷ এই শিক্ষার্থীসকলক দেশতে শিক্ষা সমাপ্ত কৰিবলৈ সুবিধা দিয়াৰ বাবে আহ্বান জনাই আহিছে ৷ কিন্তু এই শিক্ষার্থীসকলে দেশৰ চিকিৎসা বিজ্ঞান মহাবিদ্যালয়সমূহত তেওঁলোকৰ আধৰুৱা শিক্ষা সমাপ্ত কৰিব নোৱাৰিব ৷ এই কথা উচ্চতম ন্যায়ালয়ক সদৰী কৰিছে কেন্দ্ৰীয় চৰকাৰ ৷
এটা গোচৰৰ শুনানিৰ সময়ত কেন্দ্রই এক শপতনামাত কয় যে এতিয়ালৈকে কোনো ভাৰতীয় চিকিৎসা প্রতিষ্ঠান-বিশ্ববিদ্যালয়ত কোনো বিদেশী চিকিৎসা বিজ্ঞানৰ ছাত্র-ছাত্রীক বদলি বা নামভর্ত্তিৰ বাবে ৰাষ্ট্রীয় চিকিৎসা আয়োগে কোনো অনুমতি প্রদান কৰা নাই৷
কেন্দ্ৰই শপতনামাত কয় -“বিনম্ৰভাৱে আমি জনাব বিচাৰো যে এনে ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত ভাৰতীয় চিকিৎসা পৰিষদ আইন, ১৯৫৬ বা ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ আইন, ২০১৯ৰ লগতে নিয়মাৱলীৰ অধীনতো কোনো বিদেশী চিকিৎসা প্ৰতিষ্ঠান/মহাবিদ্যালয়লৰ পৰা ভাৰতীয় চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীক গ্ৰহণ কৰা বা বদলি কৰাৰ বাবে কোনো ব্যৱস্থা নাই।“
অৱশ্যে কেন্দ্ৰই কয় যে ইউক্ৰেইনত এমবিবিএছ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিব নোৱাৰা ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰিবলৈ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতে আলোচনা কৰি ৬ ছেপ্টেম্বৰত এখন ৰাজহুৱা জাননী জাৰি কৰিছে ৷ য’ত ইংগিত দিয়া হৈছে যে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে ইউক্ৰেইনৰ অভিভাৱক বিশ্ববিদ্যালয়/প্ৰতিষ্ঠানৰ অনুমোদন সাপেক্ষে অন্য দেশত তেওঁলোকৰ বাকী থকা পাঠ্যক্ৰম সম্পূৰ্ণ কৰাত সহায় কৰিব ৷
চৰকাৰে কয় যে তেওঁলোকৰ বাকী থকা পাঠ্যক্ৰমসমূহ এনেদৰে সম্পূৰ্ণ কৰাৰ পিছত প্ৰমাণপত্ৰ ইউক্ৰেইনৰ অভিভাৱক প্ৰতিষ্ঠানসমূহে প্ৰদান কৰাৰ আশা কৰা হৈছে।
চৰকাৰে কয় যে এই ছাত্ৰ-ছাত্ৰীসকলে দাবী কৰিছে যে যেতিয়া তেওঁলোকে নিজ নিজ ইউক্ৰেইনৰ চিকিৎসা বিশ্ববিদ্যালয়সমূহত শৈক্ষিক গতিশীলতা কাৰ্যসূচীৰ অধীনত আবেদন কৰিবলৈ চেষ্টা কৰিছিল, তেতিয়া এনে বিশ্ববিদ্যালয়সমূহে ২০২২-২৩ শিক্ষাবৰ্ষৰ প্ৰথম ষান্মাসিকত শৈক্ষিক গতিশীলতাৰ বাবে তেওঁলোকৰ আবেদনসমূহ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল।