ক্ষমতাৰ অপব্যৱহাৰ কৰি নিজ কন্যাক চৰকাৰী চাকৰিত নিযুক্তি দি একেৰাহে তিনিদিন চি বি আইৰ জেৰাৰ সন্মুখীন হ’বলগীয়া হৈছে পশ্চিমবংগৰ এজন মন্ত্ৰী ৷ পশ্চিমবংগৰ মন্ত্ৰী পৰেশ অধিকাৰীক তেওঁৰ কন্যা অংকিতাক প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক হিচাপে “অবৈধ” নিযুক্তি সন্দৰ্ভত একেৰাহে তৃতীয় দিনৰ বাবে আজি জেৰা কৰে চি বি আইয়ে ।
কলিকতা উচ্চ ন্যায়ালয়ে শুকুৰবাৰে অংকিতা অধিকাৰীক এখন চৰকাৰী বিদ্যালয়ৰ চাকৰিৰ পৰা বৰ্খাস্ত কৰি শিক্ষক হিচাপে ৪১ মাহৰ কাৰ্যকালত লাভ কৰা দৰমহা ঘূৰাই দিবলৈ নির্দেশ দিছে ৷ শিক্ষামন্ত্ৰী পৰেশ অধিকাৰীয়ে পুৱা প্ৰায় ১০:৩৫ বজাত চি বি আই কাৰ্যালয়ত এটা ফাইল লৈ উপস্থিত হয় ৷ তেওঁৰ ঘনিষ্ঠ সূত্ৰই জনোৱা মতে, নিযুক্তিৰ সৈতে জড়িত কেইবাখনো গুৰুত্বপূৰ্ণ নথি আছে এই ফাইলত ।
অধিকাৰীক অংকিতাৰ নিযুক্তি সন্দৰ্ভত মোবাইলৰ পৰা কৰা বিভিন্ন ফোন কল সন্দর্ভত সোধা পোচা কৰা হৈছে ৷ চিবিআইৰ এজন বিষয়াই কয় , “এই ফোনসমূহৰ সৈতে তেওঁৰ কন্যাক প্ৰাথমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে নিযুক্তি দিয়াৰ সম্পৰ্ক থাকিব পাৰে। কালিৰ দৰেই আমি সমগ্ৰ জেৰাৰ ভিডিঅ’গ্ৰাফী কৰিম।
শুকুৰবাৰে ৯ ঘণ্টাৰো অধিক সময় আৰু বৃহস্পতিবাৰে নিশা প্ৰায় চাৰি ঘণ্টা সোধা-পোছা কৰা হয় মেকলিগঞ্জৰ বিধায়কগৰাকীক।অহা সপ্তাহত কেন্দ্ৰীয় সংস্থাটোৰ বিষয়াসকলে অংকিতা অধিকাৰীক সোধা-পোছাৰ বাবে মতাৰ সম্ভাৱনা আছে ৷