এইবাৰ চি বি আইৰ ৰোষত পৰিছে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া ৷ দিল্লীৰ সুৰা নীতি সন্দর্ভত আজি চিবিআইয়ে উপ-মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহৎ অভিযান চলায় ৷ চিবিআইয়ে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মণীষ ছিছ’দিয়াৰ ঘৰৰ লগতে ৭খন ৰাজ্যৰ আন ২০টা স্থানত তালাচী চলায়। তদন্তকাৰী সংস্থাটোৱে এজাহাৰ দাখিল কৰি নৱেম্বৰৰ পৰা দিল্লীৰ আবকাৰী নীতিৰ তদন্ত কৰি আছ ৷ এই নীতিৰ অধীনত ব্যক্তিগতভাৱে সুৰাৰ দোকানৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা হৈছিল ৷ আবকাৰী বিভাগৰ দায়িত্বত থকা মনীষ ছিছ’দিয়াই কয় যে চৰকাৰী সুৰা বিপণীত হোৱা দুৰ্নীতিৰ সৈতে মোকাবিলা কৰাৰ বাবে এই নীতি গ্ৰহণ কৰা হৈছে।
আজি পুৱা ছিছ’দিয়াই টুইট কৰি কয়, “চিবিআই মোৰ বাসগৃহত আছে। মই তদন্ত সংস্থাটোক সহযোগিতা কৰিম, তেওঁলোকে মোৰ বিৰুদ্ধে একো বিচাৰি নাপাব। স্বাস্থ্য আৰু শিক্ষা খণ্ডত দিল্লী চৰকাৰে কৰা উৎকৃষ্ট কামৰ বাবে কেন্দ্ৰই অসুবিধা পাইছে ৷ সেইবাবেই দুয়োটা বিভাগৰ মন্ত্ৰীসকলক লক্ষ্য কৰি লোৱা হৈছে।“ মে’ মাহৰ পৰা কাৰাগাৰত বন্দী হৈ আছে দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দৰ জৈন।
দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে সংবাদমেল সম্বোধন কৰি কয় যে কোনো অভিযানে তেওঁৰ দলটোক দেশবাসীৰ বাবে ভাল কাম কৰাত বাধা দিব নোৱাৰে। কেজৰিৱালে কয়- “আমাৰ লক্ষ্যত উপনীত হোৱাৰ পথত বহু বাধাৰ সৃষ্টি হ’ব। বিগত সময়তো অভিযান হৈছিল, কিন্তু একো প্ৰমাণ নাপালে ৷ এইবাৰো একো প্ৰমাণ কৰিব নোৱাৰে ৷ আমি চি বি আইৰ সৈতে সম্পূৰ্ণ সহযোগিতা কৰিম।” প্ৰতিদ্বন্দ্বীক মষিমূৰ কৰাৰ ৰাজনৈতিক পৰিকল্পনাৰ অংশ হিচাপে বিজেপিয়ে আপৰ মন্ত্ৰীসকলক লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপিত কৰিছে দলটোৱে ।
নতুন আবকাৰী নীতিত দিল্লী চৰকাৰে কৰা দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি বিজেপি মন্ত্ৰী অনুৰাগ ঠাকুৰে কয় যে চিবিআইৰ তদন্তৰ আশংকাই অৰবিন্দ কেজৰিৱাল আৰু মণীষ ছিছ’দিয়াক চিবিআইৰ অভিযানক শিক্ষাখণ্ডত কৰা কামৰ সৈতে সংযোগ কৰিবলৈ বাধ্য কৰাইছে। ঠাকুৰে কয় যে এয়া শিক্ষাৰ কথা নহয়, আবকাৰী নীতিৰ কথাহে। আবকাৰী নীতিৰ দুৰ্নীতিয়ে অৰবিন্দ কেজৰিৱাল আৰু মনীষ ছিছ’দিয়াৰ প্ৰকৃত মুখ উন্মোচন কৰিছে। ৩০ জুলাইত আপ চৰকাৰে নতুন সুৰা নীতি প্ৰত্যাহাৰ কৰিছিল ৷