অবৈধ বালি খননৰ সৈতে জড়িত এক গোচৰত উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱক চিবিআইয়ে চমন কৰিছে। অহা শুকুৰবাৰে ফৌজদাৰী আইনৰ ১৬০ ধাৰাত তেওঁক ব্যক্তিগতভাৱে হাজিৰ হ’বলৈ চমন প্ৰেৰণ কৰা হৈছে।
উত্তৰ প্ৰদেশত কংগ্ৰেছৰ সৈতে সমাজবাদী পাৰ্টিৰ মিত্ৰতা যোৱা সপ্তাহত চূড়ান্ত হৈছিল। কেন্দ্ৰীয় সংস্থা চিবিআইৰ এই চমন তাৰ পিছতে দলটোৰ মুৰব্বীলৈ প্ৰেৰণ কৰা হৈছে ৷ অৱশ্যে দুৰ্নীতি আৰু ‘ফৌজদাৰী ষড়যন্ত্ৰ’ গোচৰৰ সৈতে জড়িত চমনত অভিযুক্ত হিচাপে নহয় সাক্ষী হিচাপে অখিলেশক চমন কৰা হৈছে।
চিবিআইৰ অভিযোগ যে ২০১২-১৬ চনত অখিলেশ যাদৱ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত হামিৰপুৰ জিলাত বালি আৰু আন কিছু খনিজ পদাৰ্থ নিষ্কাশনত অনিয়ম সংঘটিত হৈছিল ৷ তদানীন্তন হামিৰপুৰৰ জিলা দণ্ডাধীশকে ধৰি কেইবাজনো চৰকাৰী বিষয়াৰ এই কাৰ্যৰ ফলত ৰাজহৰ ক্ষতি হয়। ইয়াৰ উপৰিও কিছুমান কোম্পানীক বালি আৰু খনিজ সামগ্ৰী কঢ়িয়াই অনা বাহনৰ পৰাও অবৈধভাৱে টোল সংগ্ৰহ কৰিবলৈ দিয়া হৈছিল। এই সন্দৰ্ভত চিবিআইয়ে ‘অপৰাধমূলক ষড়যন্ত্ৰ’ৰ অভিযোগ উত্থাপন কৰিছে।