দেশৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ মাজতে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডৰ দশম শ্ৰেণীৰ ফলাফল আজি ঘোষণা কৰা হয় ।দ্বাদশৰ দৰে সামগ্ৰিক উত্তীৰ্ণৰ হাৰত দশম শ্ৰেণীতো ছাত্ৰতকৈ ছাত্ৰীৰ বেছি ৷ এইবাৰ দশম শ্ৰেণীৰ পৰীক্ষাত সামগ্ৰিকভাৱে উত্তীৰ্ণৰ হাৰ ৯৩.৬০ শতাংশ। ২০২৩ চনত সামগ্ৰিকভাৱে উত্তীৰ্ণৰ হাৰ আছিল ৯৩.১২ শতাংশ। সামগ্ৰিকভাৱে উত্তীৰ্ণৰ হাৰ ০.৪৮ শতাংশ বৃদ্ধি পাইছে। ২০২৪ চনত ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৯৪.৭৫ শতাংশ, ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৯২.৭১ শতাংশ। ২০২৩ চনৰ পৰিসংখ্যা অনুসৰি ছোৱালীৰ উত্তীৰ্ণৰ হাৰ ৯৪.২৫ শতাংশ, আনহাতে ল’ৰাৰ উত্তীৰ্ণৰ হাৰ ৯২.২৭ শতাংশ। অৱশ্যে এইবাৰৰ পৰীক্ষাতো তৃতীয় লিংগৰ পৰীক্ষাৰ্থীয়ে দৃষ্টি আকৰ্ষণ কৰে। এইবাৰৰ পৰীক্ষাত তেওঁলোকৰ উত্তীৰ্ণৰ হাৰ ৯১.৩০ শতাংশ, যিটো ২০২৩ চনত আছিল ৯০ শতাংশ।এইবাৰ ২০ লাখ ৯৫ হাজাৰ ৪৬৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে। উত্তীৰ্ণৰ হাৰত দেশৰ ভিতৰতে প্ৰথম স্থানত আছে তিৰুৱনন্তপুৰম। ইয়াৰ পিছতে আছে ক্ৰমে বিজয়াৱাড়া, বেংগালুৰু আৰু চেন্নাই ।
উল্লেখ্য যে এই বছৰৰ পৰা কম্পাৰ্টমেণ্ট পৰীক্ষাৰ পৰিৱৰ্তে ‘পৰিপূৰক পৰীক্ষা’ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। ইয়াৰ জৰিয়তে সৰ্বাধিক দুটা বিষয়ত ব্যৰ্থ হোৱা ছাত্ৰ-ছাত্ৰীসকলে দ্বিতীয়বাৰৰ বাবে সেই বিষয়সমূহত পৰীক্ষা দিয়াৰ সুযোগ লাভ কৰিব। ইয়াৰ উপৰিও যিকোনো বিষয়ত পোৱা নম্বৰত সন্তুষ্ট নহোৱা ছাত্ৰ-ছাত্ৰীয়েও এই ‘পৰিপূৰক পৰীক্ষা’ দিব পাৰে। অহা ১৫ জুলাইত অনুষ্ঠিত হ’ব এই পৰীক্ষা।
প্ৰাৰ্থীসকলে cbse.nic.in, cbse.gov.in, cbseresults.nic.in আৰু results.cbse.nic.in ৰ পৰা পোনপটীয়াকৈ অনলাইনত ফলাফল পৰীক্ষা কৰিব পাৰিব। ইয়াৰ উপৰিও মোবাইল এপ আৰু এছএমএছ সেৱাৰ সহায়ত ফলাফল জানিব পৰা যাব।
১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা পৰীক্ষাৰ অন্ত পৰে ১৩ মাৰ্চত। মুঠ ২৮ দিন ধৰি চলিছিল এই পৰীক্ষা। পৰীক্ষাৰ সমাপ্তিৰ তাৰিখৰ পৰা ৬০ দিনৰ পিছত ফলাফল প্ৰকাশ কৰা হয়। ২২ লাখ ৫১ হাজাৰ ৮১২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে দশম বৰ্ষৰ পৰীক্ষাত নামভৰ্তি কৰে। ২২ লাখ ৩৮ হাজাৰ ৮২৭ জন পৰীক্ষাত অৱতীর্ণ হয় ৷ ৭,৬০৩টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হয় এই পৰীক্ষা। ২০২৪ চনত মুঠ ১৬টা শৈক্ষিক বিষয়, ২১টা দক্ষতা বিষয় আৰু ৩৭টা ভাষা বিষয় দশম পৰীক্ষাৰ বাবে অনুষ্ঠিত কৰা হৈছিল।