কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে এইবাৰৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰিছে। এইবাৰ উত্তীৰ্ণৰ হাৰ ৮৭.৯৮ শতাংশ। যোৱা বছৰ এই হাৰ আছিল ৮৭.৩৩ শতাংশ আছিল। অৰ্থাৎ এই বছৰ উত্তীৰ্ণৰ হাৰ ০.৬৫ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৮৫.১২ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৯১.৫২ শতাংশ। অৰ্থাৎ উত্তীৰ্ণৰ হাৰত ছাত্ৰতকৈ ছাত্ৰী আগবাঢ়ি আছে।
এইবাৰ পৰীক্ষাৰ বাবে মুঠ ১৬৩৩৭৩০ গৰাকী পৰীক্ষাৰ্থীয়ে নাম পঞ্জীয়ন কৰে। ইয়াৰ ভিতৰত মুঠ ১৬২১২২৪ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হয়। ইয়াৰে ১৪২৬৪২০ জন উত্তীৰ্ণ হয়। উত্তীৰ্ণৰ হাৰত দেশৰ ভিতৰতে প্ৰথম স্থানত আছে তিৰুৱনন্তপুৰম। প্ৰাৰ্থীসকলে ব’ৰ্ডৰ ৱেবছাইট cbseresults.nic.in আৰু results.cbse.nic.in ত গৈ নিজৰ ফলাফল পৰীক্ষা কৰিব পাৰিব।
ফলাফল কেনেকৈ চাব:
প্ৰাৰ্থীসকলে প্ৰথমে চিবিএছইৰ ৱেবছাইট cbseresults.nic.in বা results.cbse.nic.in চাব লাগে। ইয়াৰ পিছত হোমপেজৰ পৰা ফলাফল লিংকত ক্লিক কৰক। প্ৰাৰ্থীসকলে নিজৰ ৰোল নম্বৰ, স্কুল নম্বৰ আৰু এডমিট কাৰ্ড আইডি লিখি তাত ক্লিক কৰি ফলাফল চাব পাৰিব। ইয়াৰ উপৰিও ডিজিলকাৰ এপৰ জৰিয়তেও এই ফলাফল চাব পাৰিব।
এইবাৰ ১৫ ফেব্ৰুৱাৰীৰ পৰা ২ এপ্ৰিললৈ অনুষ্ঠিত হৈছিল চিবিএছই দ্বাদশ শ্ৰেণীৰ পৰীক্ষা। । একেসময়তে চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাও অনুষ্ঠিত হৈছিল।