কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে (CBSE)-এ আজি দ্বাদশ শ্ৰেণীৰ দ্বিতীয় টাৰ্ম আৰু চূড়ান্ত ফলাফল ঘোষণা কৰিছে। cbseresults.nic.in আৰু results.cbse.nic.in ত ছাত্ৰ-ছাত্ৰীসকলে ব’ৰ্ড পৰীক্ষাৰ ৰোল নম্বৰ, জন্ম তাৰিখ আৰু বিদ্যালয়ৰ ক’ড ব্যৱহাৰ কৰি এই ৱেবছাইটসমূহৰ পৰা তেওঁলোকৰ স্ক’ৰকাৰ্ড ডাউনলোড কৰিব পাৰিব। এই বছৰ দ্বাদশ শ্ৰেণীত সামগ্ৰিকভাৱে উত্তীৰ্ণৰ হাৰ ৯২.৭১%। অফিচিয়েল ৱেবছাইটৰ উপৰিও results.gov.in আৰু digilocker.gov.inতো স্ক’ৰকাৰ্ড উপলব্ধ হ’ব। ত্ৰিবান্দ্ৰম অঞ্চলত উত্তীৰ্ণৰ হাৰ সর্বাধিক ৯৮.৮৩ শতাংশ ৷ প্ৰয়াগৰাজ মণ্ডলত উত্তীর্ণৰ হাৰ সর্বনিম্ন ৷ ইয়াত উত্তীর্ণৰ হাৰ হৈছিল ৮৩.৭১শতাংশ ।
সামগ্ৰিক ফলাফলঃ
মুঠ পঞ্জীয়নভুক্ত প্ৰাৰ্থী: ১৪,৪৪,৩৪১ জন
পৰীক্ষাত অৱতীর্ণ শিক্ষার্থীঃ ১৪,৩৫,৩৬৬
উত্তীর্ণ শিক্ষার্থীৰ সংখ্যাঃ ১৩,৩০,৬৬২
উত্তীৰ্ণৰ শতাংশঃ ৯২.৭১%