গুৱাহাটী:৩০ ডিচেম্বৰ/২২ : যোৱা ২৭, ২৮ আৰু ২৯ ডিচেম্বৰ, ২০২২ তাৰিখৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৱাহাটী গোপীনাথ নগৰ গুৰুদ্বাৰাত শিখ ধৰ্মৰ দশম তথা শেষৰজন গুৰু গোবিন্দ সিংহৰ ৩৫৬ সংখ্যক জন্মজয়ন্তী উৎসৱ টো অতি সুন্দৰ আৰু শৃংখলিতভাৱে অনুষ্ঠিত হৈ যায়৷ অখণ্ড পাঠ, কীৰ্তন, ভজন, গুৰু-কা-লংগৰ আদি কাৰ্যসূচীৰ লগতে ধাৰ্মিক-দিৱান কাৰ্যসূচীও অনুষ্ঠিত হয় । ২৯ ডিচেম্বৰৰ সামৰণী অনুষ্ঠানত উপস্থিত জন্মু-কাশ্মীৰৰ পৰা আমন্ত্ৰণ কৰি অনা “কীৰ্তনী-জাঠা “জ্ঞানী দলজীৎ সিংহৰ তিনি জনীয়া দলে পূৱাৰে পৰা গায়ন কৰা গুৰু জনাৰ ওপৰত আধাৰিত অতি মধুৰ ভজন- কীৰ্তন আৰু ভাষণে উপস্থিত ভক্তগনক মনমূগ্ধ কৰি ৰাখে।
ধাৰ্মিক-দিৱান অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় প্ৰশিক্ষক ৰূপে দায়িত্ব পালন কৰি থকা ড॰ সুলেখা চক্ৰৱৰ্তী ভট্টাচাৰ্যই গৱেষণামূলকভাৱে প্ৰস্তুত কৰি উলিওৱা ‘”ছহিদৰ ত্যাগৰ চানেকি’” নামৰ গ্ৰন্থখন উন্মোচন কৰা হয়৷ গ্ৰন্থখন এখন অগতানুগতিক সুখপাঠ্য আৰু সকলোৰে উপযোগী গ্ৰন্থ ৰূপে বিবেচিত হৈছে৷ দুটা খণ্ডত প্ৰস্তুত কৰা গ্ৰন্থখনৰ প্ৰথম খণ্ডত ‘বীৰ বাল দিৱস’ উদ্যাপনক উপলক্ষ্য কৰি গুৰু গোবিন্দ সিংহৰ পিতৃ টেগবাহাদুৰৰ অৱতাৰণা কৰি গোবিন্দ সিংহৰ লগতে তেওঁৰ চাৰি পুত্ৰই স্বজাতি, স্বধৰ্ম ৰক্ষাৰ অৰ্থে যি ত্যাগ স্বীকাৰ কৰি ছহিদ হ’বলগীয়া হৈছিল সেই ঘটনাক্ৰম সূক্ষ্মাতিসূক্ষ্মভাৱে বৰ্ণনা কৰিবলৈ চেষ্টা কৰিছে৷
তদুপৰি গোবিন্দ সিংহৰ বিবাহ আৰু তেওঁৰ সহধৰ্মিণী সম্পৰ্কীয় বাদ-বিবাদসমূহ বিশ্লেষণাত্মক দৃষ্টিভংগীৰে তন্ন তন্নকৈ ফঁহিয়াই যি সাৱলীল ব্যাখ্যা আগবঢ়াইছে সেই ব্যাখ্যাই বহু বিতৰ্কৰ অন্ত পেলাব বুলিও আশা কৰা হৈছে৷ এই মূল্যাবান গ্ৰন্থখনি লিখি ৰাইজক উচৰ্গা কৰাৰ বাবে বৃহত্তৰ গুৱাহাটী শিখ সমাজৰ বহু বিশিষ্ট ব্যক্তিয়ে ড০ সুলেখা চক্ৰৱৰ্তী ভট্টাচাৰ্য্ ভাউৰীয়ানীক ধৰ্মীয় চৰুপা, গামোছা আৰু পাটৰ চাদৰ আদ দি আন্তৰিক সন্মান জনোৱাৰ লগতে তেওঁৰ দীৰ্ঘায়ু কামনা কৰে।
অনুষ্ঠানভাগি সমাপন কৰাৰ ক্ষেত্ৰত গুৰুদ্বাৰা প্ৰবন্ধক কমিটীৰ জ্যেষ্ঠ উপদেষ্টা চৰ্দাৰ লক্ষ্মীপ্ৰসাদ সিংহ , গুৰুদ্বাৰা প্ৰবন্ধক কমিটিৰ সভাপতি চৰ্দাৰ সুখবিন্দৰ সিংহ সম্পাদক চৰ্দাৰ পৰমবীৰ সিংহ আৰু মঞ্চ সম্পাদক ( Stage- secretary) চৰ্দাৰ চতনাম সিঙ ভীৰকাৰ অক্লান্ত প্ৰচেষ্টা শলাগিবলগীয়া৷ অনুষ্ঠানত উপস্থিত থকা গুৱাহাটী ফাঁচী বজাৰ গুৰুদ্বাৰাৰ মুখ্য গ্ৰ্ন্থী জ্ঞানী ৰণজীৎ সিংহ আৰু গোপীনাথ নগৰ গুৰুদ্বাৰাৰ জ্ঞানী লাভপ্ৰীত সিংহই শিখ সম্পৰ্কীয় ইতিহাস, ধ্যান-ধাৰণা, আদৰ্শ আৰু স্থিতি সম্পৰ্কে সুন্দৰকৈ ব্যাখ্যা আগবঢ়াই৷ সামগ্ৰিকভাৱে গোটেই অনুষ্ঠানটোৱেই সৰ্বাংগসুন্দৰভাৱে অতি পৰিপাটিকৈ সামৰণি পৰাত উদ্যোক্তাবৃন্দই এয়া গুৰুৰ ইচ্ছা বুলি মত পোষণ কৰিছে৷