আজি ইংৰাজী ১ ফ্ৰেব্ৰুৱাৰী ২০২৩ তাৰিখে মহানগৰীৰ মহাপুৰুষ মাধৱদেৱ পথ , চছলত অৱস্থিত চছল ৰাজহুৱা নামঘৰত নাম-কীৰ্তন , ভাগৱত পাঠ আৰু ভাগৱত পৰিভ্ৰমণ আদি দিনযোৰা কাৰ্য্যসূচীৰে প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷ চছল ৰাজহুৱা নামঘৰৰ সভাপতি নিকুঞ্জ দাসৰ নেতৃত্বত চছল অঞ্চলৰ আই-মাতৃ আৰু বাপ-বান্ধৱসকলে খোল-তাল , দবা, বৰকাঁহ হৰিনাম কীৰ্তনেৰে মুখৰিত হৈ চছল অঞ্চলৰ প্ৰতি গৃহস্থৰ পদুলিয়ে-পদুলিয়ে পৰিভ্ৰমণ কৰে আৰু গৃহস্থসকলে ধুপ-নৈবদ্যৰে সেৱা আগবঢ়াই ভাগৱতৰ আশীৰ্বাদ গ্ৰহণ কৰে ৷
ভাগৱত ভ্ৰমণ যাত্ৰাৰ পিছতে নামঘৰত একত্ৰিত হৈ ভাগৱত পাঠ আৰু ব্যাখ্যাৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে ৷ আই- মাতৃ আৰু বাপ-বান্ধৱসকলৰ সমূহীয়া নাম-প্ৰসংগৰে নামঘৰত এক ওখল-মাখল পৰিবেশৰ সৃষ্টি কৰে। ভক্তি ৰসত আপ্লুত হৈ উপস্থিতসকলে প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচী আকৰ্ষণীয় কৰি তোলে ৷ এই অনুষ্ঠানত অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰ , অৱসৰপ্ৰাপ্ত কৃষি বিজ্ঞানী ড° মিনেশ্বৰ হাজৰিকা লগতে চছল অঞ্চলৰ দুইশতাধিক ভক্তিপ্ৰাণ ৰাইজে অংশ গ্ৰহণ কৰে ৷