আগন্তুক এবছৰৰ ভিতৰত দেশত যক্ষ্মা ৰোগ নিৰ্মূল কৰাত গুৰুত্ব আৰোপ কৰিছে কেন্দ্ৰই। স্বাস্থ্য মন্ত্ৰালয়ে সেই ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ অংশ হিচাপে প্ৰাপ্তবয়স্কসকলক বিচিজি টিকাকৰণ (যক্ষ্মা ৰোগৰ বিৰুদ্ধে) পুনৰ প্ৰৱৰ্তন কৰাৰ পৰিকল্পনা কৰিছে। কেইমাহমানৰ ভিতৰতে এই কাৰ্যসূচী দেশত পাইলট প্ৰজেক্ট হিচাপে আৰম্ভ কৰা হ’ব বুলি বুধবাৰে নতুন দিল্লীত ৰাষ্ট্ৰীয় যক্ষ্মা আৰু শ্বাস-প্ৰশ্বাসজনিত ৰোগ প্ৰতিষ্ঠানৰ যক্ষ্মা আৰু বুকুৰ ৰোগ বিভাগৰ মুৰব্বী ৰূপক চিংলাই প্ৰকাশ কৰে।কেন্দ্ৰই পুনৰ সেই টিকা ১৮ৰ পৰা ৬০ বছৰ বয়সৰ লোকক দিয়াৰ কথা চিন্তা কৰিছে। তেওঁ কয়, ‘প্ৰথম পাইলট প্ৰজেক্টত প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত ভেকচিনৰ ফলপ্ৰসূতা পৰ্যবেক্ষণ কৰা হ’ব। টিকাকৰণ বিনামূলীয়া হ’ব।”
উল্লেখ্য যে দেশত প্ৰতি বছৰে ২৮ লাখ লোক যক্ষ্মা ৰোগত আক্ৰান্ত হয়। কিন্তু কেইবছৰমান আগতেও কমেও ১০ লাখ ৰোগীৰ পঞ্জীয়ন বা চিনাক্তকৰণ হোৱা নাছিল। এতিয়া ২-৩ লাখলৈ এই সংখ্যা হ্ৰাস পাইছে। যক্ষ্মা ৰোগ নিৰ্মূল কাৰ্যসূচীত বিভিন্ন মন্ত্ৰালয় আৰু বিভিন্ন ব্যক্তিগত সংস্থাৰ সহযোগত কাম চলি আছে। ইয়াৰ উপৰিও এতিয়া এই এপটো যক্ষ্মা ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হৈছে। বিভিন্ন নতুন ঔষধে ঔষধ প্ৰতিৰোধী টিবি ৰোগীক উপকৃত কৰা বুলিও চিকিৎসকে প্ৰকাশ কৰিছে। যোৱা কেইবছৰমানৰ পৰা দেশৰ ১ লাখ ৩০ হাজাৰৰো অধিক লোকে ঔষধ গ্ৰহণ কৰিছে ৷ ইয়াৰে ৭০ শতাংশ সফলতা লাভ কৰিছে।