সোমবাৰে হঠাতে বাতিল হ’ল আইএছচিৰ ৰসায়ন বিজ্ঞানৰ প্ৰথম প্ৰশ্নকাকতৰ পৰীক্ষা । দ্বাদশ শ্ৰেণীৰ পৰীক্ষা আৰম্ভ হ’বলৈ দুঘণ্টা বাকী থকা অৱস্থাতে হঠাতে এই পৰীক্ষা বাতিল কৰা হয় । কাউন্সিল ফৰ ইণ্ডিয়ান স্কুল চাৰ্টিফিকেট পৰীক্ষা (চিআইএছচিই)য়ে ততাতৈয়াকৈ এক অধিসূচনা জাৰি কৰে। সোমবাৰৰ পৰীক্ষা ‘অনাকাংক্ষিত কাৰণত’ বাতিল কৰা হৈছে বুলিও জানিবলৈ দিয়ে। কিয় পৰীক্ষা বাতিল কৰা হ’ল সেই সন্দৰ্ভত কোনো সবিশেষ দিয়া হোৱা নাই। জাননীখনত পৰীক্ষাৰ নতুন তাৰিখৰ কথাও উল্লেখ আছে। দ্বাদশ শ্ৰেণীৰ ৰসায়ন বিজ্ঞানৰ পৰীক্ষা অহা ২১ মাৰ্চ বৃহস্পতিবাৰে দুপৰীয়া ২ বজাত অনুষ্ঠিত হ’ব।
সোমবাৰে অধিকাংশ পৰীক্ষাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰত উপস্থিত হয় ৷যাৰ বাবে হঠাৎ পৰীক্ষা বাতিল কৰাত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকল যথেষ্ট অসুবিধাৰ সন্মুখীন হয় । কিয় এনেকুৱা হ’ল, প্ৰশ্ন উত্থাপন হ’বলৈ ধৰিলে। যদিও এই বিষয়ত ব’ৰ্ডে কোনোধৰণৰ স্পষ্টীকৰণ প্ৰকাশ কৰা নাই ৷
১২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে আই এছ চি পৰীক্ষা। ৩ এপ্ৰিল, বুধবাৰে পৰীক্ষাৰ অন্ত পৰিব । মে’ মাহত ঘোষণা কৰা হ’ব ফলাফল। ফলাফল প্ৰকাশৰ চাৰিদিনৰ ভিতৰত পৰীক্ষাৰ্থীয়ে ফলাফলৰ পুনৰীক্ষণৰ বাবে আবেদন কৰিব পাৰিব। ফলাফল প্ৰকাশৰ পিছত ৬০ দিনলৈ ব’ৰ্ডে উত্তৰ বহী ৰাখিব। ইয়াৰ পিছত ইয়াক ধ্বংস কৰা হ’ব। আই এছ চি পৰীক্ষা পুৱা ৯ বজাৰ পৰা দুপৰীয়া ২ বজাৰ পৰা আৰম্ভ হয়। পৰীক্ষা আৰম্ভ হোৱাৰ ১৫ মিনিট আগতে পৰীক্ষাৰ্থীক প্ৰশ্নকাকত বিতৰণ কৰা হয়।