গুৱাহাটী মহানগৰীৰ সৰুসজাইৰ পাৰিজাত প্ৰকল্প ক্ষেত্ৰত আজি দিনজোৰা কাৰ্যসূচীৰে কেন্দ্ৰীয় ভাৱে শিশু দিৱস উদযাপন কৰা হয়। পতাকা উত্তোলনেৰে আৰম্ভণি কৰা অনুষ্ঠানটিত মইনা ৰোমাঞ্চিতা দুৱৰীয়ে পতাকা উত্তোলন কৰাৰ লগে লগে সদৌ অসম মইনা পাৰিজাতৰ বিভিন্ন জিলাৰ পৰা আহি একত্ৰিত হোৱা মইনা সকলে সমস্বৰে ‘আমি পোহৰ বিচাৰি যাওঁ’ শীৰ্ষক গীতটি পৰিবেশন কৰে।
সদৌ অসম মইনা পাৰিজাতৰ সভাপতি শ্ৰী যুত কেশৱ মহন্তই আদৰণি ভাষণ প্ৰদান কৰা সভাখনত সন্মানীয় অতিথি হিচাপে সৌষ্ঠৱ বৃদ্ধি কৰে অসম সাহিত্য সভাৰ সভাপতি শ্ৰী যুত কূলধৰ শইকীয়া, ২০২০ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা প্ৰাপক ডা°অপূৰ্ব কুমাৰ শইকীয়াই। আনহাতে সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰী যুত ৰমেন্দ্ৰ নাৰায়ণ কলিতা। মইনা অতিথি ৰূপে সভাৰ আসন অলংকৃত কৰে কলিয়াবৰৰ লুলাক্ষী কে মহন্ত আৰু গহপুৰৰ খঞ্জৰী বৰুৱাই।
উক্ত সভাত পাৰিজাত ৰত্ন পদ্মশ্ৰী নলিনীবালা দেৱী শিশু সেৱক বঁটা আৰু পাৰিজাত ৰত্ন ত্ৰৈলোক্যনাথ শৰ্মা সোঁৱৰণী শিশু সাহিত্যিক আৰু মইনা সাহিত্যিক বঁটা প্ৰদান কৰা হয়। পাৰিজাত ৰত্ন পদ্মশ্ৰী নলিনীবালা দেৱী শিশু সেৱক বঁটা প্ৰদান কৰা হয় শিশু মহীয়ান জিতেন ভাগৱতীক আনহাতে ২০২০ আৰু ২১ বৰ্ষৰ পাৰিজাত ৰত্ন ত্ৰৈলোক্যনাথ শৰ্মা সোঁৱৰণী শিশু সাহিত্যিক বঁটা প্ৰদান কৰা হয় তেজপুৰৰ ড° স্বাধীনতা মহন্ত আৰু শিৱসাগৰৰ শ্ৰী হেমলতা বৰুৱাক আৰু মইনা সাহিত্যিক বঁটা প্ৰদান কৰা হয় ক্ৰমে ধৃতিদীপা দত্ত,আস্থানন্দিনী বৰগোহাঞিক ।
শিশু দিৱস উপলক্ষে মইনা আৰু চেমনীয়া সকলৰ চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে এই অনুষ্ঠানতে ৰাজ্যিক ভিত্তিত অনুষ্ঠিত চেমনীয়া তৰ্ক প্ৰতিযোগিতা আৰু মইনা অসম কণ্ঠ প্ৰতিযোগিতাৰ বিজয়ী সকলক পুৰস্কাৰ প্ৰদান কৰা হয়।
সদৌ অসম মইনা পাৰিজাতৰ অক্লান্ত কৰ্মী শিশু মহীয়ান শ্ৰী কৃষ্ণ কলিতাই উক্ত সভাতেই আনুষ্ঠানিক ভাৱে ২০১৯ বৰ্ষৰ ১৫ আগষ্টত তেওঁ লাভ কৰা শিল্পী পেঞ্চনৰ ৮১১১টকাকৈ সম্পূৰ্ণ প্ৰথম আৰু দ্বিতীয়টো পেঞ্চন ক্ৰমে সদৌ অসম মইনা পাৰিজাত আৰু মূখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডলৈ আগবঢ়ায়।
সদৌ অসম মইনা পাৰিজাতৰ সাধাৰণ সম্পাদকৰ নেতৃত্বত সাফল্য মণ্ডিত হোৱা এই শিশু দিৱসৰ আকৰ্ষণীয় অনুষ্ঠানটিত সদৌ অসম মইনা পাৰিজাতৰ আন আন ভালেকেইগৰাকী বিষয় ববীয়া তথা গণ্য মান্য ব্যক্তি উপস্থিত থাকে।