ক’ভিডৰ নতুন ভেৰিয়েণ্ট অ’মিক্ৰনৰ সংক্ৰমনৰ মাজতে দুটা নতুন ভেকচিন আৰু এটা এণ্টিভাইৰেল ঔষধৰ ব্যৱহাৰত জৰুৰী অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰে ৷ কৰ্বেভেক্স আৰু কভোভেক্স ভেকচিনৰ লগতে জৰুৰী ব্যৱহাৰৰ বাবে অনুমোদন লাভ কৰিছে এণ্টিভাইৰেল ঔষধ মলনুপিৰাভিৰে ৷ স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াই মঙলবাৰে টুইটযোগে এই কথা সদৰী কৰিছে । বৰ্তমান, দেশত টিকাকৰণ কাৰ্যসূচীত কভিশ্বিল্ড, কভাক্সিন আৰু স্পুটনিক ভি ব্যৱহাৰ কৰা হৈছে ৷
হায়দৰাবাদৰ প্ৰতিষ্ঠান বায়’লজিকেল –ইয়ে প্ৰস্তুত কৰিব কৰ্বেভেক্স ভেকচিন ৷ আনহাতে পুনেৰ চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই প্ৰস্তুত কৰিব কভোভেক্স ৷কৰ্বেভেক্স ভেকচিন আমেৰিকা যুক্তৰাষ্ট্ৰৰ হিউষ্টনৰ বে’লৰ কলেজ অফ মেডিচিন আৰু আমেৰিকান কোম্পানী ডাইনাভেক্স টেকন’লজিছৰ সহযোগত বায়োলজিকেল- ইয়ে প্ৰস্তুত কৰিছে ৷ আনহাতে ,আমেৰিকা যুক্তৰাষ্ট্ৰৰ জৈৱ প্ৰযুক্তি প্ৰতিষ্ঠান নোভাক্সৰ অনুজ্ঞাপত্ৰৰ অধীনত ভাৰতীয় চিৰাম ইনষ্টিটিউটৰ দ্বাৰা কভোভেক্স প্ৰস্তুত কৰা হৈছে। কভোভেক্সক বিশ্ব স্বাস্থ্য সংস্থাই ইয়াৰ জৰুৰীকালীন ব্যৱহাৰৰ ভেকচিনৰ তালিকাৰ অধীনত অনুমোদন জনাইছে ৷
চলিত মাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ এফ ডি এ অনুমোদন জনোৱা মলনুপিৰাভিৰ ঔষধে ক’ভিডৰ মৃদু আৰু মজলীয়া লক্ষণযুক্ত ৰোগীৰ ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল প্ৰদর্শন কৰিছে ৷ ভাৰতৰ তেৰটা কোম্পানীয়ে এই ঔষধটো প্ৰস্তুত কৰিব ৷