নাগালেণ্ডৰ মন জিলাত সুৰক্ষা বাহিনীৰ গুলীত ১৪ জনকৈ নিৰীহ লোকে প্ৰাণ হেৰুওৱাৰ ঘটনাই সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷ এই ঘটনাৰ পাছতে ৰাজ্যখনত বলবৎ হৈ থকা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন (আফস্পা) বাতিলৰ দাবী উত্থাপিত হৈছে ৷ ইতিমধ্যে নাগালেণ্ডৰ বিধানসভাই আফস্পা প্ৰত্যাহাৰৰ দাবীৰে প্ৰস্তাৱ গ্ৰহণ কৰিছে ৷ আনকি কেন্দ্ৰীয় চৰকাৰকো বাৰম্বাৰ আফস্পা বাতিলৰ দাবী উত্থাপন কৰিছে ৰাজ্য চৰকাৰখনে ৷ ইয়াৰ পাছতে এই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে কেন্দ্ৰই ৷ এই বিষয়টো পৰীক্ষা কৰি চাবলৈ এখন কমিটী গঠন কৰিছে কেন্দ্ৰই ৷ নাগালেণ্ডত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ কৰাৰ সম্ভাৱনা পৰীক্ষা কৰিবলৈ সচিব পৰ্যায়ৰ বিষয়াৰ অধ্যক্ষতাত গঠন কৰা হৈছে এই উচ্চ-পৰ্যায়ৰ সমিতি । এই সমিতিখনে ৪৫ দিনৰ ভিতৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিব।
ভাৰতৰ মহাপঞ্জীয়ক আৰু লোকপিয়ল আয়ুক্ত বিবেক যোশীয়ে পাঁচ জনীয়া সমিতিখনৰ মুৰব্বী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব পীয়ুষ গোৱেল ইয়াৰ সদস্য-সচিবৰ দায়িত্বত থাকিব ৷ নাগালেণ্ডৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান আৰু অসম ৰাইফলছৰ ডিজিপি সমিতিত সদস্য হিচাপে অর্ন্তভূক্ত কৰা হ’ব ৷ ২৩ ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত সমিতিখন গঠনৰ সিদ্ধান্ত লোৱা হৈছিল। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ’ ৰিঅ’, উপ মুখ্যমন্ত্ৰী য়ান্থুংগো পেটন আৰু নাগা পিপলছ ফ্ৰণ্ট লেজিচলেটিভ পাৰ্টিৰ নেতা টি আৰ জেলিয়াঙ, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা বৈঠকখনত উপস্থিত আছিল।