কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি ক’ভিড মহামাৰীত স্বামীহাৰা মহিলাসকলক আৰ্থিক সকাহ প্ৰদানৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ ক’ভিড-১৯ বিধৱা আঁচনিৰ পঞ্চম আৰু ষষ্ঠ পৰ্যায়ৰ চেক বিতৰণ কৰিলে অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।
২০ গৰাকী হিতাধিকাৰীক দুই লাখ পঞ্চাশ হাজাৰ টকাৰ চেক বিতৰণ কৰি মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত ক’ভিড মহামাৰীত স্বামীহাৰা মহিলাসকলক কয় য়ে এই আঁচনিখনৰ জৰিয়তে ক’ভিডত মৃত্যু হোৱা ব্যক্তিৰ পৰিয়ালক আৰ্থিক সকাহ দিব। মন্ত্ৰীগৰাকীয়ে লগতে স্বামীহাৰা মহিলা সকলক মানিসকভাৱে শক্তিশালী হবলৈ অনুৰোধ কৰি লগতে কয় য়ে পৰ্যায় ক্ৰমে আৰু পঞ্চাশ হাজাৰ টকা তেওঁলোকৰ বেংকত জমা হ’ব।
অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা, অতিৰিক্ত উপায়ুক্ত মুনীন্দ্ৰ বৰদলৈ, পৰিবহন বিভাগৰ সহকৰী আয়ুক্ত গৌতম দাসৰ লগতে আন আন বিষয়া – বৰ্গ উপস্থিত থাকে।