কাছাৰ জিলাৰ শিলচৰস্থিত ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ এনআইটিত শুকুৰবাৰে নিশা সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷ এনআইটিৰ হোষ্টেলত এজন ছাত্ৰৰ আত্মত্যাৰ পিছতে শিক্ষার্থীসকলে প্ৰতিবাদ কৰে । উল্লেখ্য যে ইলেক্ট্ৰিক ইঞ্জিনিয়াৰিং পাঠ্যক্ৰমৰ তৃতীয় ষান্মাসিকত অধ্যয়ন কৰা অৰুণাচল প্ৰদেশৰ এজন ছাত্ৰই পৰীক্ষাত ব্যৰ্থ হোৱাৰ বাবে আৰু বেক পৰীক্ষাত উত্তীর্ণ হ’ব নোৱাৰাৰ বাবে আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। তেওঁ কলেজ কৰ্তৃপক্ষক পৰৱৰ্তী ছেমিষ্টাৰৰ বাবে পঞ্জীয়ন কৰিবলৈ অনুমতি দিবলৈ অনুৰোধ কৰিছিল যদিও সেয়া নাকচ কৰা বুলি জানিব পৰা গৈছে।
পঞ্জীয়কৰ চৰকাৰী বাসগৃহ ঘেৰাও কৰাৰ লগে লগে চৌহদত উত্তেজনা বৃদ্ধি পোৱাত প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীক ছত্ৰভংগ দিবলৈ আৰক্ষী মোতায়েন কৰা হয় ৷ অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰা হৈছে, আৰু আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে যদিও আজি চেপা উত্তেজনাই বিৰাজ কৰিছে।কাছাৰ জিলা কৰ্তৃপক্ষ, আৰক্ষী, আৰু এন আই টি শিলচৰ কৰ্তৃপক্ষৰ মাজত পৰিস্থিতিক লৈ জৰুৰী বৈঠক হোৱা বুলি সূত্ৰই জনায় আৰু পৰিস্থিতি নিয়ন্ত্ৰণ নোহোৱালৈকে প্ৰতিষ্ঠানটো বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ কৰে যে তেওঁলোকে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিছিল, আৰু প্ৰতিষ্ঠানটোৰ সঞ্চালকক লগ কৰিব বিচাৰিছিল, কিন্তু ইয়াৰ পৰিৱৰ্তে আৰক্ষীয়ে তেওঁলোকৰ ওপৰত লাঠীচালনা কৰে ৷ আৰক্ষীয়ে জনোৱা মতে, ছাত্ৰ-ছাত্ৰীসকলে গাড়ী ভাঙি- ডিনৰ বাসগৃহ আক্ৰমণ কৰে, আৰু পৰিস্থিতি অধিক উত্তপ্ত হোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হয় ৷