গুৱাহাটীৰ ৰুক্মিণীগাঁওৰ হিট এণ্ড ৰান গোচৰৰ অভিযুক্ত বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাৰ বিৰূদ্ধে অভিযোগনামা দাখিল কৰিছে দিছ্পুৰ আৰক্ষীয়ে।কালি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এই অভিযোগনামা দাখিল কৰে। যোৱা 1 অক্টোবৰৰ মাজনিশা সুৰাসক্ত অবস্থাত গাড়ীৰে ৰাজপথৰ মেৰামতিৰ কামত নিয়োজিত 8 জন শ্ৰমিকক মহতিয়াই নিছিল ৰাজকন্যাই।
এই ঘটনাত এজন শ্ৰমিকৰ দুয়োখন ভৰি ছিগি যোৱাৰ লগতে আন শ্ৰমিক সকল কম বেছি পৰিমানে আঘাতপ্ৰাপ্ত হৈছিল। ইয়াৰ পিছত আৰক্ষীয়ে ৰাজকন্যাক গ্ৰেপ্তাৰ কৰিছিল যদিও 24 ঘণ্টাৰ ভিতৰতে জামিন লাভ কৰিবলৈ সক্ষম হয়। যাক লৈ সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। পৰৱৰ্তী সময়ত আৰক্ষীয়ে পুনৰ তেওঁক থানাত হাজিৰ হবলৈ নিৰ্দেশ দিয়ে।কিন্তু অসুস্থতাৰ অজুহাতেৰে মহানগৰীৰ জি এন আৰ চি হাস্পতালত ভর্তি হয়। লগে লগে মহানগৰ আৰক্ষীৰ অনুৰোধত জি এম চি এইচৰ চিকিৎসকৰ নেতৃত্বত গঠন কৰা মেডিকেল বোৰ্ডে ৰাজকন্যাৰ স্বাস্থ্য পৰীক্ষা কৰে।
এই পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি ৰাজকন্যা কোনোধৰণৰ অসুস্থ নহয়। লগে লগে দিছ্পুৰ আৰক্ষীয়ে জি এন আৰ চি হাস্পতালৰ পৰা মডেল গৰাকীক গ্ৰেপ্তাৰ কৰে। মডেলগৰাকীয়ে জামিন আবেদন দাখিল কৰিছে যদিও সেয়া আদালতে নাকচ কৰিছে। বৰ্তমান তেওঁ কাৰাগাৰাত বন্দী হৈ আছে।