শেহতীয়াকৈ নামিবিয়াৰ পৰা অনা চিতা বাঘৰ পৰা আহিছে আশাৰ বতৰা ৷ বর্তমান কুনো চিতা প্ৰকল্পত নিৰীক্ষণত থকা আশা নামৰ চিতা বাঘটো গর্ভৱতী হোৱা বুলি সম্ভাৱনা প্ৰকাশ কৰিছে বিশেষজ্ঞ আৰু বিষয়াসকলে ৷ কুনোত চিতা প্ৰকল্পটো নিৰীক্ষণ কৰা বিশেষজ্ঞ আৰু বিষয়াসকলে কয় যে বাঘটোৱে গৰ্ভাৱস্থাৰ সকলো শাৰীৰিক, আচৰণগত, আৰু হৰম’নৰ লক্ষণ প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰিছে ৷ অৱশ্যে সম্পূর্ণ নিশ্চিত হ’বলৈ অক্টোবৰৰ শেষলৈকে অপেক্ষা কৰিব লাগিব বুলিও তেওঁলোকে কয় ৷ যদিহে বাঘটো গর্ভৱতী হোৱাটো নিশ্চিত হয় তেনেহ’লে এয়া হ’ব সাত দশকৰ পাছত ভাৰতত সন্তান জন্ম দিয়া প্ৰথমটো চিতা বাঘ ৷
চিতা সংৰক্ষণ প্ৰকল্পৰ কাৰ্যবাহী সঞ্চালিকা ল’ৰী মাৰ্কাৰে কয় –“আশা যদি গৰ্ভৱতী হয়, তেন্তে সেয়া হ’ব প্ৰথম গর্ভধাৰণ ৷ ইয়াৰ পূর্বে নামিবিয়াত আশাক ৰখা হৈছিল। যদি বাঘটো গর্ভৱতী হৈছে তেনেহ’লে আমি এক সুকীয়া পৰিৱেশ প্ৰদান কৰিব লাগিব ৷ “
তেওঁ লগতে কয় যে যদি বাঘটো গর্ভৱতী হয়, তেনেহ’লে প্ৰকল্পটোত জটিলতাৰ আন এটা স্তৰ যোগ হ’ল ৷ স্থলভাগত প্ৰশিক্ষিত কৰ্মচাৰী থকাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিব লাগিব ৷ বাঘটোৰ মানসিক চাপ কম কৰিবলৈ অধিক ঠাই আৰু নিস্তব্ধতাৰ প্ৰয়োজন ৷ যোৱা ১৭ ছেপ্টেম্বৰত নামিবিয়াৰ পৰা মধ্যপ্ৰদেশৰ কুনোলৈ অনা হৈছিল বাঘ্টো ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বাঘটোৰ আশা নামেৰে নামকৰণ কৰিছিল ৷
আশাৰ বাহিৰেও একেদিনাই নামিবিয়াৰ পৰা ফ্ৰেডী, এল্টন আৰু ওবান নামৰ ৩টা মতা চিতা আৰু ছিয়ায়া, ছাছা, টিবিলিচি আৰু ছাভানা নামৰ চাৰিটা মাইকী চিতাও অনা হৈছিল ৷