আজি অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এলানি বৈঠকত ভাগ লয়। বৈঠকত অংশগ্ৰহণ কৰি চাইবাৰ চিকিউৰিটিৰ ওপৰত লিখা এখনি গ্ৰন্থ উন্মোচন কৰে। “চাইবাৰ চিকিউৰিটী এণ্ড এৱাৰনেছ” শীৰ্ষক গ্ৰন্থখনিত চাইবাৰ অপৰাধৰ বিৰুদ্ধে জনতাক সজাগ কৰিবলৈ প্ৰকাশ কৰা হৈছে।
বৈঠকত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকসকলৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চযোগে এলানি আলোচনাত মিলিত হয়। জিলাসমূহৰ আইন শৃংখলাৰ ওপৰত বুজ লয়। ইয়াৰ উপৰিও যোৱা ৬ মাহত ৰাজ্যখনত ৰুজু হোৱা গোচৰসমূহৰ খতিয়ান লয়। মীমাংসা নোহোৱা গোচৰসমূহৰ ক্ষেত্ৰত ক্ষিপ্ৰ পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে।
বৈঠকখনত মুখমন্ত্ৰী ডাঙৰীয়াৰ উপৰিও ডি জি পি ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়াকে প্ৰমুখ্য কৰি মহানগৰ আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াকে ধৰি বহুতো উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়া উপস্থিত থাকে।