৮ ছেপ্টেম্বৰত যোৰহাটৰ নিমাতী ঘাটত সংঘটিত হোৱা মৰ্মান্তিক নাও দুৰ্ঘটনাৰ পিছত দ্বিতীয় বাৰৰ বাবে মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মা নিমাতী ঘাটত উপস্থিত হৈ মাজুলী বাসীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা আগবঢ়ায়।
মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি এতিয়াৰ পৰা গুৱাহাটীৰ পৰাই চিচি টিভি ৰে নিৰীক্ষণ কৰা হ’ব মাজুলীৰ ঘাট।লগতে জাহাজৰ টিকট ক্ৰয় কৰিবলৈ কোনো যাত্ৰীয়ে শাৰী পাতিব নালাগে। তাৰ পৰিৱৰ্তে অনলাইন বুকিং পদ্ধতিৰে লাভ কৰিব পাৰিব জাহাজৰ টিকট।
লগতে যাত্ৰীৰ সুবিধাৰ বাবে ২ খন ৰ’পেক্স সহ মুঠ ৬ খন অতিৰিক্ত জাহাজ চলাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰী জনে।ইয়াৰলগতে যিসকল যাত্ৰীয়ে নাওৰে যাবলৈ ভয় কৰে সেইসকলৰ বাবে নৈশ বাছৰ সুবিধা প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰি এই বাছ সেৱা মাজুলী বগীনদী,ডিব্ৰুগড়,মৰাণ,লক্ষীমপুৰ হৈ যোৰহাটলৈকে চলিব বুলি উল্লেখ কৰে।
যদিও এই সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ’বলৈ প্ৰায় ১৫ দিন সময় বিচাৰি মুখ্যমন্ত্ৰীজনে সকলো ৰাইজৰ সহযোগিতা বিচাৰে।
উল্লেখযোগ্য যে যোৰহাট-মাজুলী সংলগ্ন দলং সন্দৰ্ভত চৰ্চা চলি থকাৰ মাজতে মুখ্যমন্ত্ৰীয়ে এই দলঙৰ কাম নৱেম্বৰৰ পৰা আৰম্ভ হ’ব বুলি ঘোষণা কৰে।
ইতিমধ্যে মাজুলীৰ এই নাও দুৰ্ঘটনাত জড়িত মুঠ ১২ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে বুলি উল্লেখ কৰি অভিযুক্ত সকলে জামিন পাব নোৱাৰাকৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও ৰাইজক আশ্বাস প্ৰদান কৰে।
ইয়াৰলগতে মংগলবাৰে ডাঃ বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতেই এই নাও দুৰ্ঘটনাত মুঠ তিনিজন ব্যক্তি মৃত্যু হোৱাৰ কথা চৰকাৰে আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰে।