ধেমাজীৰ নন্দিতা শইকীয়াক চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ ঘটনাৰ পাছতেই যেন ৰাজ্যখনত এটা এটাকৈ বৃদ্ধি পাইছে এনে ধৰণৰ নাৰীজনিত হত্যা-নিৰ্যাতনৰ ঘটনা!
বুধবাৰে গুৱাহাটীৰ উজান বজাৰত সংঘটিত এটি নৃশংস হত্যাকাণ্ডই ৰাজ্যবাসীক পুনৰ শংকিত কৰি তুলিছে। কোনো অচিনাকী দুৰ্বৃত্তই কুকাৰ আৰু পটাগুটিৰে এগৰাকী ১৪ বছৰীয়া কিশোৰীৰ মূৰত মৰিয়াই হত্যাৰ সন্দেহ কৰা হৈছে।
নিহত কিশোৰীগৰাকীৰ বয়স মাত্ৰ ১৪ বছৰ আছিল বুলি বিভিন্ন বাতৰিত প্ৰকাশ পাইছে। ঘৰত মাতৃ-পিতৃ নথকাৰ সুযোগত কোনো দুৰ্বৃত্তই তেওঁক হত্যা কৰি আঁতৰি যায়।
আনহাতে মৃতদেহৰ কাষত উদ্ধাৰ হোৱা তেজলগা কুকাৰ আৰু পটাগুটিৰে কিশোৰীগৰাকীক মৰিয়াই হত্যা কৰা হৈছে বুলি সন্দেহ কৰা হৈছে।
ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈছে যদিও এই পৰ্যন্ত ঘটনা সন্দৰ্ভত কোনো তথ্য উদ্ধাৰ হোৱা নাই।