ক’ভিডৰ অ’মিক্ৰন ভেৰিয়েণ্টৰ সংক্ৰমনৰ মাজতে ১৫ ৰ পৰা ১৮ বছৰৰ কিশোৰ-কিশোৰীক ভেকচিন প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা ঘোষণা কৰাৰ পাছতে কিশোৰ-কিশোৰীকসকলক ভেকচিন প্ৰদানৰ আনুষ্ঠানিক প্ৰক্ৰিয়া আৰম্ভ কৰিছে চৰকাৰে ৷ ৷ অহা ১ জানুৱাৰীৰ পৰা ভেকচিনৰ বাবে ১৫-১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীকসকলৰ নাম পঞ্জীয়ন কৰিব পাৰিব ৷ বিদ্যালয়ৰ পৰিচয় পত্ৰ ব্যৱহাৰ কৰি অহা ১ জানুৱাৰীৰ পৰা কোউইন এপত ভেকচিনৰ বাবে পঞ্জীয়ন কৰিব পাৰিব বুলি প্ৰকাশ কৰিছে চৰকাৰে ৷
কোউইনৰ মুৰব্বী ড০ আৰ এছ শৰ্মাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি অনলাইন প্লেটফৰ্মত এটা অতিৰিক্ত ব্যৱস্থাৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ ভেকচিনৰ নাম পঞ্জীয়নৰ পদক্ষেপ লোৱা হৈছে ৷ আধাৰ বা অন্যান্য চৰকাৰী প্ৰয়োজনীয় পৰিচয় পত্ৰ শিক্ষার্থীসকলৰ নাথাকিব পাৰে বুলি ভাবি চৰকাৰে বিদ্যালয়ৰ পৰিচয় পত্ৰৰ জৰিয়তে নাম পঞ্জীয়নৰ ব্যৱস্থা কৰিছে ৷ উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে দেশবাসীক সম্বোধন কৰি ১৫-১৮ বছৰ বয়সৰ শিশুসকলে ৩ জানুৱাৰীৰ পৰা প্ৰথম পালি ক’ভিড ভেকচিন প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছিল ৷
প্ৰধানমন্ত্ৰীয়ে লগতে ফ্ৰণ্টলাইন আৰু স্বাস্থ্যসেৱা কৰ্মীসকলক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱাৰ লগতে তেওঁলোকক ভেকচিনৰ বুষ্টাৰ ড’জ প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰিছে ৷ ভাৰত বায়’টেকৰ দুটা পালিৰ কভাক্সিন অথবা জাইডাছ কেডিলাৰ তিনি পালিৰ জাইকোভি-ডি ভাৰতত শিশুসকলক প্ৰদান কৰা হ’ব ৷
শিশুক ক’ভিড ভেকচিন প্ৰদানৰ ক্ষেত্ৰত ভাৰতে ইউৰোপ, আমেৰিকা যুক্তৰাষ্ট্ৰ, আৰৱ আৰু নিউজিলেণ্ডকে ধৰি কেইবাখনো দেশতকৈ আগবাঢ়ি আছে ৷ অৱশ্যে, শিশুক ভেকচিন প্ৰদান কৰিবলৈ লোৱা সিদ্ধান্তত দেশত দেখা গৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া ৷অভিভাৱসকলে ভেকচিনৰ ফলত পাৰ্শ্বক্ৰিয়া হ’ব নেকি, তাক লৈ আশংকা প্ৰকাশ কৰিছে ৷