নির্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি চিলিত কতর্ব্যৰ সময় হ্ৰাস কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে দেশখনৰ ৰাষ্ট্ৰপতি গেব্ৰিয়েল বৰিচে ৷ তেওঁ মঙলবাৰে কয় যে দেশখনত কৰ্মৰ সময় হ্ৰাস কৰাৰ বাবে বিধেয়ক গৃহীত কৰিবলৈ পুনৰ প্ৰচেষ্টা চলোৱা হৈছে ৷ ৫ বছৰৰ ভিতৰত দেশখনত কৰ্ম সপ্তাহ ৪৫ ঘণ্টাৰ পৰা ৪০ ঘণ্টালৈ হ্ৰাস কৰাৰ লক্ষ্যৰে প্ৰস্তুত কৰা হৈছে এই বিধেয়ক ৷ ইয়াৰ পূর্বে ২০১৭ চনত তেতিয়াৰ সাংসদ তথা বৰ্তমানৰ চৰকাৰী মুখপাত্ৰ কেমিলা ভেলেজোৱে এই বিধেয়কখন উত্থাপন কৰিছিল যদিও গৃহীত হোৱা নাছিল ৷ শেহতীয়াকৈ বৰিচে দেশখনৰ সংবিধানৰ বিশেষ ক্ষমতা ব্যৱহাৰ কৰি এই বিধেয়কখনক “জৰুৰীকালীন” বুলি অভিহিত কৰি সাংসদসকলক পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছে ৷
বৰিচ চৰকাৰে কৰা বিধেয়কখনৰ ধাৰাবাহিক পৰিৱৰ্তনৰ ওপৰত আইন প্ৰণেতাসকলে যুক্তি প্ৰদর্শণ কৰিব ৷ য’ত ৰাজহুৱা পৰিবহণৰ চালক আৰু ঘৰুৱা শ্ৰমিকৰ দৰে বিশেষ শ্ৰেণীৰ শ্ৰমিকসকলৰ বাবে কৰ্মৰ সময় হ্ৰাস আদি পুনৰীক্ষণ কৰা হ’ব।মঙলবাৰে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক অনুষ্ঠানৰ সময়ত বৰিচে কয় যে এই পদক্ষেপসমূহে নতুন চিলি গঢ়াৰ লগতে নাগৰিকসকলক ন্যায় প্ৰদান কৰিব ৷
বিশ্বৰ সৰ্ববৃহৎ তাম উৎপাদক দেশখনৰ অৰ্থনীতি মন্থৰ হৈ পৰাৰ লগতে ক’ভিড মহামাৰীৰ পিছত প্ৰবল মুদ্ৰাস্ফীতিৰ চাপৰ সন্মুখীন হোৱাৰ সময়ত কেন্দ্ৰীয় বাওঁপন্থী চৰকাৰখনে ক্ষুদ্ৰ, মজলীয়া আৰু বৃহৎ কোম্পানীসমূহৰ প্ৰতিনিধি, ইউনিয়ন আৰু শ্ৰমিক ফেডাৰেচনৰ সৈতে কর্মৰ সময় হ্ৰাস সন্দর্ভত আলোচনা অব্যাহত ৰাখিছে ৷ বৰিচে আশা প্ৰকাশ কৰে যে বিধেয়কখনে অতি সোনকালে ভোটদানৰ জৰিয়তে অনুমোদন লাভ কৰিব।