আমেৰিকান কংগ্ৰেছৰ যৌথ অধিৱেশনত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চীন আৰু পাকিস্তানৰ নাম নোলোৱাকৈ আক্ৰমণ কৰে। তাৰ লগতে তেওঁ বিশ্ববাসীক বাৰ্তা দি সন্ত্ৰাসবাদক মানৱতাৰ শত্ৰু হিচাপে অভিহিত কৰে ৷ ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে কিছু সাৱধানতাৰে ইউক্ৰেইনৰ যুদ্ধৰ বিষয়ে ৰাছিয়াৰ নাম উল্লেখ নকৰাকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।
যৌথ অধিৱেশনত ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলক সম্বোধন কৰে মোদীয়ে। তেওঁ কয় “এই অঞ্চলটোৰ চাৰিওফালে সংঘাত আৰু হিংসাৰ ডাৱৰ গঢ় লৈ উঠিছে। ইয়াত স্থিতিশীলতা আমাৰ সম্পৰ্কৰ অন্যতম মূল চিন্তা। আমি অঞ্চলটোৰ সকলোকে সামৰি লোৱা মুকলি, উদাৰ, আন্তঃৰাষ্ট্ৰীয় আইনৰ শাসনত বিশ্বাস কৰোঁ । আমি কাৰো একচেটিয়া অধিকাৰ মানি নলওঁ।” একে সময়তে প্ৰধানমন্ত্ৰীয়ে কয় যে আছিয়ান দেশসমূহক ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ কেন্দ্ৰত ৰখা উচিত। তেওঁ কয় যে, “এটা অঞ্চল গঢ়ি তোলাৰ প্ৰয়োজন আছে য’ত সকলো দেশে বিনা ভয়েৰে নিজৰ পছন্দ প্ৰকাশ কৰিব পাৰে। য’ত অগ্ৰগতিৰ বাবে অস্বাভাৱিক মাত্ৰাৰ বোজা লোৱাৰ প্ৰয়োজন নহয়। য’ত সংযোগৰ বিনিময়ত কৌশলগত দাসত্ব গ্ৰহণ কৰিব নালাগে। য’ত সকলো দেশেই সমৃদ্ধিৰ ভাগ ল’ব পাৰে।” কূটনৈতিক শিবিৰৰ মতে, মোদীয়ে ভাষণত আমেৰিকা, জাপান, অষ্ট্ৰেলিয়া আৰু ভাৰতক লৈ গঠিত কোৱাডৰ উমৈহতীয়া লক্ষ্যৰ ওপৰত আলোকপাত কৰে। কোৱাডৰ কথা উল্লেখ কৰি তেওঁ কয় যে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ কল্যাণৰ বাবে এই কোৱাড সৃষ্টি কৰা হৈছে।
চীনৰ উপৰি পাকিস্তানক লক্ষ্য কৰি মোডীয়ে দিয়া মন্তব্যত তেওঁ কয় “ ‘৯/১১ৰ পৰা দুটা দশক আৰু মুম্বাইত ২৬/১১ৰ পিছত এটা দশকৰো অধিক সময় পাৰ হৈ গ’ল। উগ্ৰবাদ আৰু সন্ত্ৰাসবাদ এতিয়াও বিশ্বৰ বাবে ডাঙৰ ভাবুকি। এই মতাদৰ্শবোৰে নতুন ৰূপ ধাৰণ কৰিছে। কিন্তু উদ্দেশ্য একেই। সন্ত্ৰাসবাদ মানৱতাৰ শত্ৰু। ইয়াৰ মুখামুখি হ’বলৈ কোনো সংকোচ হ’ব নালাগে।”
ৰাছিয়া-ইউক্ৰেইনৰ সংঘাত সন্দৰ্ভত মোডীৰ বক্তব্যই আটাইতকৈ বেছি প্ৰভাৱ পেলাইছে দৰিদ্ৰ আৰু উন্নয়নশীল দেশসমূহক। তেওঁৰ ভাষাত “মই মুকলিকৈ আৰু পোনপটীয়াকৈ কৈছো যে এয়া যুদ্ধৰ সময় নহয় ৷ আলোচনা আৰু কূটনীতিৰ সময়। আমি সকলোৱে মানুহৰ দুখ-কষ্ট লাঘৱ কৰিবলৈ যি পাৰো কৰিম।”