ভাৰত আৰু আমেৰিকাই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত মুম্বাইত সংঘটিত হোৱা ২৬/১১ সন্ত্ৰাসবাদী আক্ৰমণৰ অন্যতম মাষ্টাৰমাইণ্ড লস্কৰ-ই-তৈবাৰ নেতা ছাজিদ মিৰক ‘আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী’ বুলি ঘোষণা কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। কিন্তু ভেটো ক্ষমতা থকা স্থায়ী সদস্য চীনে ইয়াৰ বিৰোধিতা কৰিছে ৷ নিউজ এজেন্সী পিটিআইৰ বাতৰি অনুসৰি বেইজিঙৰ বাধাৰ বাবে মঙলবাৰে নতুন দিল্লী-ৱাশ্বিংটনৰ এই পদক্ষেপ সফল নহ’ল ৷
প্ৰকাশিত বাতৰি অনুসৰি চীনে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ “১২৬৭ আল কায়দা নিষেধাজ্ঞা সমিতি”ত পাকিস্তানৰ উগ্ৰপন্থী ছাজিদক “আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী” হিচাপে চিহ্নিত কৰাত বাধা দিয়ে। ২৬/১১ৰ মুম্বাই আক্ৰমণৰ অন্যতম মাষ্টাৰমাইণ্ড আছিল ছাজিদ। ‘আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী’ হিচাপে ব্লেকলিষ্ট কৰা হ’লে ছাজিদৰ সম্পত্তি জব্দ কৰা হ’লহেতেন ৷ তাৰ লগতে বিদেশলৈ যোৱাতো নিষেধাজ্ঞা আৰোপ কৰাটো সম্ভৱপৰ হ’লহেতেন ৷ কিন্তু জি জিনপিং চৰকাৰৰ বাধাৰ বাবে সেয়া সম্ভৱ নহ’ল।
প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে যোৱা বছৰো ‘১২৬৭ আল কায়দা নিষেধাজ্ঞা সমিতি’ৰ বৈঠকত ছাজিদৰ বিৰুদ্ধে অনা প্ৰস্তাৱৰ বিৰোধিতা কৰিছিল চীনে। এটা সময়ত আমেৰিকাই লস্কৰ উগ্ৰপন্থী ছাজিদৰ মূৰত ৫০ লাখ ডলাৰ (প্ৰায় ৪১০০ কোটি টকা) মূল্য নিৰ্ধাৰণ কৰিছিল। পাকিস্তানে ২০২২ চনৰ জুন মাহত সন্ত্ৰাসবাদী বিত্তীয় গোচৰত ছাজিদক ১৫ বছৰৰ কাৰাদণ্ড বিহিছিল ৷ অৱশ্যে মুম্বাই আক্ৰমণত ছাজিদ জড়িত থকা বুলি অভিযোগ উত্থাপন হ’লেও ইছলামবাদে এতিয়াও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।
কেৱল মুম্বাই আক্ৰমণেই নহয়, আমেৰিকা, অষ্ট্ৰেলিয়া, ফ্ৰান্স, ডেনমাৰ্ক আৰু ব্ৰিটেইনত কেইবাটাও আক্ৰমণ সংঘটিত হোৱাৰ অভিযোগ ছাজিদৰ বিৰুদ্ধে আমেৰিকাৰ চোৰাংচোৱা সংস্থাই অভিযোগ কৰিছে। দীৰ্ঘদিন ধৰি এফ বি আইৰ ‘মষ্ট ৱাণ্টেড’ তালিকাত আছে ছাজিদ।