এইবাৰ ভাৰতীয় সেনাই ভূটানৰ সীমান্তত চীনৰ আগ্ৰাসনক লৈ উদ্বেগ প্ৰকাশ কৰিছে। “ইণ্ডিয়া টুডে” ত প্ৰকাশিত প্ৰতিবেদন অনুসৰি ভাৰত-ভূটান সীমান্তৰ ডোকলাম মালভূমিৰ সীমান্তত থকা টৰ্ছা (ভূটানত টৰ্ছা নদীক আমো চো বুলি জনা যায়) নদী উপত্যকাত চীনৰ বিশাল নিৰ্মাণৰ ছবি দেখা গৈছে। ইয়াক লৈ উদ্বিগ্ন হৈছে ভাৰতীয় সেনা। কাৰণ সীমান্তৰ ওচৰৰ অঞ্চলটো ভূ-ৰাজনৈতিকভাৱে অতি গুৰুত্বপূৰ্ণ। ডোকলাম মালভূমি চীন, ভূটান আৰু ভাৰতৰ সীমান্তত অৱস্থিত। ২০১৭ চনত চীনে সেই অঞ্চলত পথ নিৰ্মাণৰ চেষ্টা কৰিছিল। ইয়াক লৈ দুয়োখন দেশৰ মাজত সংঘাতৰ পৰিৱেশৰ সৃষ্টি কৰিছিল।
‘ইণ্ডিয়া টুডে’ৰ প্ৰতিবেদন অনুসৰি তেওঁলোকৰ হাতলৈ অহা শেহতীয়া ছবিসমূহে স্পষ্টকৈ দেখুৱাইছে যে চীনে সেই অঞ্চলত সেনাবাহিনীক ৰখাৰ বাবে আন্তঃগাঁথনি নিৰ্মাণ কৰিছে। ভূটানৰ টৰ্ছা নদী উপত্যকাত হাজাৰ হাজাৰ সামৰিক শিবিৰ আৰু অস্থায়ী আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে বুলিও প্ৰতিবেদনত উল্লেখ আছে। প্ৰতিৰক্ষা বিশেষজ্ঞসকলে অনুভৱ কৰে যে চীনৰ নিয়ন্ত্ৰণত থকা অঞ্চলটোত সেনাবাহিনী ৰখাৰ বাবে এনে আন্তঃগাঁথনি ভাৰতৰ বাবে চিন্তাৰ কাৰণ হ’ব পাৰে।
‘ইণ্ডিয়া টুডে’ৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে, শেহতীয়াকৈ ভূটানৰ সেনা প্ৰধানসকলৰ সৈতে হোৱা বৈঠকত ভাৰতীয় সেনা প্ৰধানসকলে টৰ্ছা নদীৰ কাষত চীনৰ আন্তঃগাঁথনি নিৰ্মাণৰ ওপৰত আলোকপাত কৰে। ভূটানৰ প্ৰধানমন্ত্ৰী ল’টে শ্বেৰিংও শেহতীয়াকৈ ডোকলাম বিবাদৰ সমাধান বিচাৰি আগবাঢ়ি আহিছে।