ক’ভিড মহামাৰীৰ বাবে দুবছৰৰ মূৰত অৱশেষত চীনে আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ বাবে নিজৰ সীমা মুকলি কৰিছে। ২০২০ চনৰ মাৰ্চ মাহত মহামাৰীৰ বাবে সীমান্ত বন্ধ কৰি দিয়া হৈছিল। ‘শূণ্য’ ক’ভিড পলিচি’ৰ ফলস্বৰূপে বহু চীনা বাসিন্দা বিভিন্ন দেশত আবদ্ধ হৈ পৰে।
চীনৰ স্থানীয় সংবাদ মাধ্যমৰ মতে, বিমানেৰে চীনত প্ৰৱেশ কৰাৰ লগতে সাগৰীয় আৰু পথেৰেও চীনত প্ৰৱেশৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হৈছে। অনুমান কৰা হৈছে যে অহা সপ্তাহত কেৱল হংকঙৰ পৰা কমেও ৪ লাখ লোক পাৰ হৈ চীনলৈ যাব। অৱশ্যে আৰ টি পি চি আৰ টেষ্টৰ ৰিপৰ্ট নিগেটিভ আহিলেহে দেশত প্ৰৱেশ কৰিব পাৰিব। মাস্কো বাধ্যতামূলক কৰা হৈছে ।
২২ জানুৱাৰীৰ পৰা চীনত আৰম্ভ হৈছে চন্দ্ৰ মহোৎসৱ। চীনাসকলে নৱবৰ্ষ উদযাপন আৰু বসন্তৰ আগমনৰ সময়ত এই উৎসৱ উদযাপন কৰে । এই সময়ছোৱাত এই উৎসৱ প্ৰায় ৪০ দিন ধৰি চলে। ইয়াৰ বাবেই সীমান্ত খুলি দিয়া হৈছে বুলি চর্চা আৰম্ভ হৈছে ৷